/asomiyapratidin/media/media_files/2025/05/22/riZKfnQvro4o7g31f4lS.jpg)
হত্যা নে দুৰ্ঘটনা?
ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগেৰাজৰ মেধাৱী ছাত্র প্ৰজ্ঞান শৰ্মা (১৮)ৰ মৃত্যু দুৰ্ঘটনাজনিত নহয় বুলি দাবী পৰিয়ালৰ। আৰক্ষী সূত্ৰই সদৰী কৰা তথ্যক নসাৎ কৰি প্ৰজ্ঞান শৰ্মাক মাৰপিট কৰি দুৰ্ঘটনাৰ ৰূপ দিয়া বুলি সন্দেহ ব্যক্ত কৰিছে নিহত প্ৰজ্ঞানৰ পিতৃ বুবুমণি শৰ্মাৰ লগতে স্থানীয় ৰাইজ আৰু পৰিয়ালবৰ্গই।
এই সম্পৰ্কে বৃহস্পতিবাৰে বিয়লি স্থানীয় হেলেম আৰক্ষী থানাত এখন লিখিত আবেদন দাখিল কৰে পিতৃ বুবুমণি শৰ্মাই। বুবুমণি শৰ্মাই দাখিল কৰা আবেদনখনৰ জৰিয়তে উল্লেখ কৰে যে, ২০ মে'ৰ নিশা গমিৰিত অনুষ্ঠিত হোৱা 'সাংস্কৃতিক অনুষ্ঠান' উপভোগ কৰিবলৈ যোৱা তেওঁৰ পুত্র প্রজ্ঞান শর্মা(১৮) ঘৰলৈ উভতি অহাৰ পথত পথ দুর্ঘটনাত গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হৈ মৃত্যু হোৱা বুলি প্ৰচাৰ হোৱা বিষয়টোৰ ক্ষেত্ৰত তেওঁৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ সন্দেহ উপজিছে। কিয়নো তেওঁৰ দেহত দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাবে জখম হোৱাৰ দৰে আঘাতৰ চিন নিৰ্দিষ্ট দুই এটা স্থানৰ বাহিৰে দেহৰ অন্য কোনো অংশত দেখা পোৱা নগ'ল।
বিপৰীতে কেৱল মাত্র মুখমণ্ডলতহে আঘাতৰ চিন স্পষ্ট হৈ আছিল ছাত্ৰজনৰ। এয়া কোনো দুর্ঘটনাৰ আঘাত নহৈ কাৰোবাৰ শাৰীৰিক প্ৰহাৰৰ চিন যেন অনুমান হয় পিতৃৰ। আবেদনখনত তেওঁ লগতে উল্লেখ কৰে,উক্ত নিশা গমিৰিত সাংস্কৃতিক অনুষ্ঠান চলি থাকোতে উদণ্ড যুৱকৰ মাজত একাধিকবাৰ মাৰপিটৰ ঘটনা ঘটিছিল। শান্ত-শিষ্ট স্বভাৱৰ তেওঁৰ পুত্ৰ তেনে ঘটনাৰ বলি হোৱাৰ পিছত হাত সাৰিবলৈ কোনোবাই পথ দুৰ্ঘটনাৰ ৰূপ দিয়া বুলি সন্দেহ ওপজাৰ কথা আবেদনখনত উল্লেখ কৰা হৈছে।
তাৰোপৰি প্ৰজ্ঞানে ব্যৱহাৰ কৰা স্কুটী বাহনখনৰো কোনোধৰণৰ গুৰুত্বৰ ক্ষয়-ক্ষতি নোহোৱা বিষয়টোৱেও সমগ্ৰ ঘটনাটো গভীৰ ৰহস্যজনক কৰি তুলিছে। উক্ত ঘটনাৰ উচিত আৰু ক্ষীপ্র তদন্তৰ ব্যৱস্থা কৰি প্ৰকৃত সত্যক পোহৰলৈ অনাৰ লগতে দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈ আবেদনখনত উল্লেখ কৰা হৈছে। আবেদনৰ প্ৰতিলিপি বিশ্বনাথ জিলাৰ আয়ুক্ত, গহপুৰ সমজিলাৰ আয়ুক্ত আৰু গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়ালৈয়ো প্ৰেৰণ কৰা হৈছে। অৱশ্যে প্ৰজ্ঞান শৰ্মাৰ মৃত্যুৰ ঘটনা দুৰ্ঘটনাজনিত নে ইয়াৰ আঁৰত আন কাৰক নিহিত হৈ আছে সেয়া আৰক্ষীৰ উপযুক্ত তদন্তহে পোহৰলৈ আহিব বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।