/asomiyapratidin/media/media_files/2025/03/15/uM5GXL5c4eMkBzybNQET.jpg)
ডিজিটেল ডেস্কঃ প্ৰসিদ্ধ ভৌতিক বিজ্ঞানী হেজ ৱাৰ্ন ফাষ্টৰে ভৱিষ্যদ্বাণী কৰিছে যে, ২০২৬চনতো মানৱ সমাজৰ বাবে এটা অতি বেয়া বছৰ হিচাপে বিবেচিত হব। সেই বছৰটোতে ১৩নৱেম্বৰত ধ্বংস হব পাৰে পৃথিৱী। প্ৰসিদ্ধ বিজ্ঞানীগৰাকীয়ে স্পষ্টভাৱে কয় যে, যি হাৰত পৃথিৱীৰ ওপৰত অত্যাচাৰ চলিছে তাৰ পৰিণাম ২০২৬চনতে লাভ কৰিব বিশ্ববাসীয়ে। ইয়াৰ বাবে প্ৰতিগৰাকী পৃথিৱীবাসী সাজু হৈ থাকক।
প্ৰসিদ্ধ বিজ্ঞানীগৰাকীয়ে কয় যে, পৃথিৱীত অতিপাত হাৰত জনসংখ্যা বাঢ়িছে। যাৰ বাবে বিশ্বত খাদ্য আৰু জল সংকটৰ দৰে সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিব। প্ৰাকৃতিক এনে অসামান্যতাৰ বাবে সৃষ্টি হোৱা তীব্ৰ সংকটৰ বাবে ২০২৬ৰ ১৩নৱেম্বৰৰ দিনটোত পৃথিৱী ধ্বংস হোৱাটো নিশ্চিত বুলি দাবী কৰিছে বিজ্ঞানীগৰাকীয়ে।
তেওঁ লগতে কয়- বিগত এবছৰৰ ভিতৰত পৃথিৱীত অতিপাত দ্ৰুতহাৰত জলবায়ু পৰিৱৰ্তন হব। যাৰ ফলত সৃষ্টি হব প্ৰাকৃতিক বহু দুৰ্যোগৰ। এই দুৰ্যোগতো লাখ লাখ লোকৰ মৃত্যু হব বুলি দাবী কৰিছে বিজ্ঞানীগৰাকীয়ে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিজ্ঞানীগৰাকীৰ এই ভৱিষ্যতদ্বাণী গাণিতিক মডেল, জলবায়ু পৰিৱৰ্তনৰ গতিবিধি, আৰু জনসংখ্যা সম্পৰ্কীয় কিছু তথ্য বিশ্লেষণৰ ভিত্তিত প্ৰদান কৰা হৈছে।
বিজ্ঞানীগৰাকীয়ে ২০২৬ৰ এই মহাবিনাশৰ পৰা হাত হাৰিবলৈ মানৱ সমাজে ততাতৈয়াকৈ কিছু পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰে। ইয়াৰ বাবে সকলোকে সচেতন হৈ থাকিবলৈ আহ্বান জনায় বিজ্ঞানীগৰাকীয়ে। অৱশ্যে মানৱ সমাজক তেওঁ ২০২৬ৰ এই মহাবিনাশৰ বাবে সাজু হৈ থাকিবলৈও আহ্বান জনাইছে।