/asomiyapratidin/media/media_files/2025/06/24/sdasdsd-2025-06-24-16-54-57.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসম দৰ্শন আঁচনিৰ জৰিয়তে নামঘৰ, মঠ, মন্দিৰ সমূহলৈ ৰাজ্য চৰকাৰে আগবঢ়াই আহিছে চৰকাৰী সাহাৰ্য ৷ ইয়াৰেই অংশস্বৰূপে মঙলবাৰে জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ সভাকক্ষত নদুৱাৰ সমষ্টিৰ ৫০ টা ধৰ্মীয় অনুষ্ঠানৰ উন্নয়নৰ বাবে আগবঢ়োৱা হয় আৰ্থিক অনুদান।
কন্যকাৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত বিধায়ক পদ্ম হাজৰিকাই প্ৰতিটো ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত বিষববীয়াসকলক এইদৰেই আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ ধন নগদ ডেৰ লাখকৈ টকা অনুদান আগবঢ়ায় ৷ এই প্ৰথম কিস্তিৰ ধনেৰে আৰম্ভ কৰা কাম সম্পূৰ্ণ হোৱাৰ পিছতেই পৰৱৰ্তী পৰ্য্যায়ত দ্বিতীয় কিস্তিৰ ধনো ডেৰ লাখকৈ টকা ৰাজ্য চৰকাৰৰ ফালৰপৰা দিয়া হব বুলি উল্লেখ কৰি গাঁও সমুহৰ ৰাইজে সৰ্ব্বমূঠ তিনি লাখকৈ টকা লাভ কৰিব বুলি উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷