আজি ৰাজ্যজুৰি মুক্তি পাব পূৰ্ণদৈৰ্ঘ্যৰ ছবি 'ঝংকাৰ'

বাৰ্লিনৰ কিটজ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘৰ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ শিশু আৰু পৰিয়ালৰ বাবে বন্ধুত্বপূৰ্ণ ছবিৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হোৱা নতুন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ 'ঝংকাৰে' ২৫ এপ্ৰিল, শুকুৰবাৰে সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব

author-image
Asomiya Pratidin
New Update
'ঝংকাৰ'

ডিজিটেল সংবাদ,গুৱাহাটী : বাৰ্লিনৰ কিটজ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘৰ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ শিশু আৰু পৰিয়ালৰ বাবে বন্ধুত্বপূৰ্ণ ছবিৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হোৱা নতুন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ 'ঝংকাৰে' ২৫ এপ্ৰিল, শুকুৰবাৰে সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব। অসমৰ লোক সংগীতক মূল বিষয়বস্তু ৰূপে লৈ নিৰ্মাণ কৰা হৈছে অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ 'ঝংকাৰ'।

Advertisment

ছবিখনৰ প্ৰযোজক আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ জয়ন্তী চুতীয়া আৰু পৰিচালক 'সংকল্প' খ্যাত হেম চন্দ্ৰ বৰা। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত 'আইদেউ চিত্ৰগৃহ'ত বৃহস্পতিবাৰে 'ঝংকাৰ'ৰ প্ৰিমিয়াৰ দৰ্শনী অনুষ্ঠিত হয়।

'ঝংকাৰ'

উল্লেখযোগ্য যে, প্ৰযোজনাৰ লগতে ছবিখনৰ কাহিনী ড০ জয়ন্তী চুতীয়াৰ। সংগীত পৰিচালনা সদানন্দ গগৈৰ আৰু সহযোগী পৰিচালক দীপক কুমাৰ ৰয়।

'ঝংকাৰ'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাগ ঐনিতম আৰু অনিন্দিতা ৰূদ্ৰজে। অন্যান্য চৰিত্ৰ সমূহ ৰূপায়ন কৰিছে দুলাল ৰয়, ৰেবা ফুকন, ৰাজীৱ গোস্বামী, তপজিৎ দত্তবৰা, পল ফুকন, পাৰ্থ দত্ত, ৰাজেন নেওগ, কবিতা শইকীয়া দেবী, ৰাজেন ফুকন, দীপক কুমাৰ ৰয়, ত্ৰৈলোক্য কাশ্যপ, ৰাজ কুমাৰ ঠাকুৰ, অনাবিল মহন্ত, মামু নাথ, নুনুসিং কৰ্মকাৰ, অনিল শইকীয়া, ভগৱত প্ৰীতম, যুক্তা বৰা আৰু বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে। লগতে আছে শিশু শিল্পী গ্ৰান্থিক বৰা, বিপাঞ্চীকা বৰা, বৰ্ণাঢ্য প্ৰতিম ফুকন, দৃধাংশু ৰূদ্ৰজ বৰা আৰু বহুতো।

'ঝংকাৰ'

ঝংকাৰৰ গীতৰ ৰচনা বিশিষ্ট গীতিকাৰ মৃণাল কুমাৰ চৌধুৰী আৰু হেম চন্দ্ৰ বৰাৰ। গীতত কণ্ঠদান কৰিছে অনিন্দিতা পাল, সদানন্দ গগৈ, দীক্ষু শৰ্মা, গায়ত্ৰী শৰ্মা, ড° দিগন্ত গোস্বামী, তিলক নেৱাৰ, শতাব্দী খাতনিয়াৰ আৰু নিয়ন্তা ভাৰতীৰ লগতে কেইবাগৰাকীও শিশু শিল্পীয়ে। 'আইদেউ চিত্ৰগৃহ'ত অনুষ্ঠিত প্ৰিমিয়াৰত ছবিখনৰ প্ৰযোজক, পৰিচালক আৰু সকলো কলা-কুশলীৰ লগতে অসমীয়া চলচ্চিত্ৰ, সাংস্কৃতিক, সাংবাদ জগত আৰু অন্যান্য ক্ষেত্ৰৰ বহু কেইগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকে। 

শুকুৰবাৰে অসমৰ ২৮টা ছবিগৃহত মুক্তি লাভ কৰিবলগীয়া ঝংকাৰে অসমীয়া ছবিৰ দৰ্শক সকলক কাহিনী, চৰিত্ৰ আৰু সংগীত, সকলো দিশতে নতুনত্বৰ সোৱাদ দিবলৈ সক্ষম হ'ব।

cinema