আজিৰ পৰা কমিব গেছ চিলিণ্ডাৰৰ দাম...

শুকুৰবাৰৰ পৰা হ্ৰাস পাব বাণিজ্যিক এল পি জি গেছৰ মূল্য। তেল বিপণন কোম্পানীসমূহে বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য সংশোধন কৰাৰ কথা ৰাজহুৱা কৰিছে। 

author-image
Asomiya Pratidin
New Update
AP FOR WEB cly

ডিজিটেল ডেস্ক : শুকুৰবাৰৰ পৰা হ্ৰাস পাব বাণিজ্যিক এল পি জি গেছৰ মূল্য। তেল বিপণন কোম্পানীসমূহে বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য সংশোধন কৰাৰ কথা ৰাজহুৱা কৰিছে। 

এই অনুসৰি আজিৰ পৰা ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ৩৩.৫০ টকা হ্ৰাস কৰা হৈছে। নতুন নিৰিখ অনুসৰি দিল্লীত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা বিক্ৰীৰ মূল্য ১ আগষ্টৰ পৰা ১৬৩১.৫০ টকা হ’ব। 

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে জুলাইত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য দিল্লীত ১৬৬৫ টকা, কলকাতাত ১৭৬৯ টকা আৰু মুম্বাইত ১৬১৬.৫০ টকা আছিল। এতিয়া ৩৩.৫০ টকা হ্ৰাস পোৱাৰ লগে লগে নিশ্চিতভাৱে ক্ষুদ্ৰ ব্যৱসায়ীসকলে যথেষ্ট সকাহ পাব। 

ইয়াৰ পূৰ্বে যোৱা ১ জুলাইতো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৫৮.৫০ টকা হ্ৰাস পাইছিল। তাৰ আগেয়ে জুনত ২৪ টকা, এপ্ৰিলত ৪১ টকা আৰু ফেব্ৰুৱাৰীত ৭ টকা দাম হ্ৰাস পাইছিল।

চিলিণ্ডাৰ