আজিৰে পৰা ধেমাজি জিলাত বিকশিত কৃষি সংকল্প অভিযান

কৃষক ৰাইজৰ সৰ্বতোপ্ৰকাৰে উন্নয়নৰ লক্ষ্যৰে ২৯ মে'ৰ পৰা ১২ জুনলৈ অনুষ্ঠিত হ'ব বিকশিত কৃষি সংকল্প অভিযান। দেশৰ ৭০০ জিলাৰ ১.৫ কোটি কৃষকক সমৰিব  এই অভিযানে।

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা ধেমাজি জিলাত বিকশিত কৃষি সংকল্প অভিযান

ডিজিটেল সংবাদ, চিলাপথাৰ : কৃষক ৰাইজৰ সৰ্বতোপ্ৰকাৰে উন্নয়নৰ লক্ষ্যৰে ২৯ মে'ৰ পৰা ১২ জুনলৈ অনুষ্ঠিত হ'ব বিকশিত কৃষি সংকল্প অভিযান। দেশৰ ৭০০ জিলাৰ ১.৫ কোটি কৃষকক সমৰিব  এই অভিযানে। কৃষিক্ষেত্ৰত নৱ প্ৰযুক্তিৰ সংযোজন আৰু বহু চৰকাৰী অভিলাসী আচনিৰ বিষয়ে ২ হাজাৰ বিজ্ঞানীয়ে পোনপটীয়া যোগাযোগ কৰিব কৃষকৰ সৈতে। 

Advertisment

ৰাষ্ট্ৰজোৰা এই অভিযানৰ অংশ হিচাপে ২৯ মে'ৰ পুৱা ধেমাজি জিলাৰ জীয়াধল আৰু বাটঘৰীয়া পঞ্চায়তত আৰু বিয়লি গোঁহাইগাঁও আৰু দক্ষিণ ধেমাজি পঞ্চায়তত অনুষ্ঠিত হ'ব কাৰ্য্যসূচী। সেইদৰে ৩০ মে'ত পূৱা চিমেন চাপৰি আৰু আকাজন পঞ্চায়ত আৰু বিয়লি তেলাম আৰু কুলাজান পঞ্চায়তত,৩১ মে'ত পুৱা জোনাই আৰু ডেকাপাম পঞ্চায়তত আৰু বিয়লি কেমি জেলেম আৰু গালি চিকাৰী পঞ্চায়তত অনুষ্ঠিত হ'ব অভিযান। 

তাৰোপৰি ২ জুনৰ পুৱা মিছামৰা আৰু চিগা পঞ্চায়তত বিয়লি ৰাজাখানা আৰু লাইমেকুৰি পঞ্চায়তত,৩ জুনত পুৱা উজনি চিচি টঙানি আৰু ৰজাখানা, বিয়লি নামনি চিচি টঙানী আৰু চিলি পঞ্চায়তত,৪ জুনত ডিমৌ আৰু বেতনিপাম পঞ্চায়তত আৰু বিয়লি চিমেনমুখ আৰু শ্ৰীপানী পঞ্চায়তত,৫ জুনৰ পুৱা মালিনীপুৰ আৰু চিলাসুতি পঞ্চায়তত,বিয়লি চিলাপথাৰ আৰু মুক্তিয়াৰ পঞ্চায়ত,৬ জুনৰ পুৱা চিচি বৰগাঁও আৰু মধ্য মিংমাং পঞ্চায়তত তথা বিয়লি মধ্য চিচি টঙানি আৰু নলবাৰী পঞ্চায়তত,৭ জুনৰ পুৱা বৰদলনি আৰু বেঙেনা গড়া ,বিয়লি লতাক আৰু যোৰকটা পঞ্চায়াতত,৯ জুন পুৱা নাহৰবাৰী আৰু কচুতলি তথা বিয়লি গোগামুখ আৰু মিংমাং পঞ্চায়তত অনুষ্ঠিত হ'ব। 

একেদৰে ১০ জুনৰ পুৱা জয়ৰামপুৰ আৰু আমগুৰিত,বিয়লি ভেৱেলি আৰু বৰলুং পঞ্চায়তত,১১ জুনৰ পুৱা বিষ্ণুপুৰ আৰু পূৱ মাছখোৱাত,বিয়লি মৰিধল আৰু চিচিমুখ পঞ্চায়তত,১২ জুনৰ পুৱা নৰুৱাথান আৰু হাতীগড়ত অনুষ্ঠিত হোৱাৰ বিপৰীতে বিয়লি চমৰাজান আৰু অজোহা পঞ্চায়তৰ অনুষ্ঠিত হ'ব কাৰ্য্যসূচী। কাৰ্যসূচীত সকলো ৰাইজৰে উপস্থিতি কামনা কৰিছে ধেমাজি কৃষি বিকাশ কেন্দ্ৰই।

silapathar