/asomiyapratidin/media/media_files/2025/07/04/313-2025-07-04-23-47-11.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : ফুটবলৰ কেন্দ্ৰবিন্দু বড়োভূমিত নৱপ্ৰজন্মক আৰু অধিক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে বিটিচি চৰকাৰে আৰম্ভ কৰিছে বড়োলেণ্ড চিইএম কাপ ১.০ ফুটবল প্ৰতিযোগিতা, ২০২৫ ৷ শুকুৰবাৰে কোকৰাঝাৰৰ চিম্বৰগাঁৱৰ উচ্চতৰ মাধ্যমিক খেলপথাৰ আৰু মিনি ষ্টেডিয়ামত জিলা পৰ্যায়ৰ পৰিষদীয় সমষ্টিৰ ভিত্তিত প্ৰথম বড়োলেণ্ড চিইএম কাপ ১.০ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয় ৷
আজি ফকিৰাগ্ৰাম আৰু দেৱৰগাওঁ, বাওখুংগ্ৰী আৰু বনৰগাওঁ, দোতমা আৰু কচুগাঁও, শ্ৰীৰামপুৰ আৰু গুমা পৰিষদীয় সমষ্টিৰ মাজত চাৰিখন খেল অনুষ্ঠিত হয় ৷ ফকিৰাগ্ৰাম সমষ্টিয়ে দেৱৰগাঁওক ১-০ গ’লত, বাওখুংগ্ৰীক ট্ৰাইব্ৰেকাৰৰ সহায়ত বনৰগাওঁয়ে ৬-৫ গলৰ ব্যৱধানত,কচুগাঁৱয়ে দোতমাক ৩-১ গলত আৰু গুমা পৰিষদীয় সমষ্টিয়ে শ্ৰীৰামপুৰক ৩-১ গলত পৰাস্ত কৰে।
কেবিনেট মন্ত্ৰী উৰ্খাওগৗৰা ব্ৰহ্মই জিলা ভিত্তিত আৰম্ভ হোৱা খেলখন শুভৰাম্ভ কৰি কেন্দ্ৰীয় চৰকাৰে “খেলো ইণ্ডিয়া” ৰাজ্য চৰকাৰে “খেল মহাৰণ” আয়োজন কৰাৰ দৰে বিটিআৰ পৰিষদেও “বড়োলেণ্ড চিইএম কাম ১.০ ফুটবল প্ৰতিযোগিতা,২০২৫ আৰম্ভ কৰি গাওঁৰ পৰা নৱপ্ৰজন্মৰ খেলুৱৈ সকলক উলিয়াই আনিবলৈ এনেধৰণৰ পদক্ষেপ গ্ৰহন কৰা বুলি মন্তব্য কৰে। শিক্ষাৰ দৰে খেলো মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰি খেলে এখন দেশৰ, এখন সমাজৰ নতুন পৰিবেশ গঢ়ি তুলিব পাৰে বুলি মন্তব্য কৰে উৰ্খাও গৌৰা ব্ৰহ্মই ৷
আজিৰ অনুষ্ঠানত কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী,কোকৰাঝাৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দায়িত্বত থকা বাবুল বসুমতাৰী প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷