/asomiyapratidin/media/media_files/2025/07/10/360-2025-07-10-08-46-06.jpg)
ডিজিটেল ডেস্ক : ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত আজিৰে পৰা অনুষ্ঠিত হ’ব ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট। ইতিমধ্যে ৫খনীয়া এই টেষ্ট শৃংখলাত ১-১ৰ সমতা স্থাপন কৰিছে উভয় দলে। অৱশ্যে আজিৰ এই মেচখনত উভয় দলতে সাল-সলনি হোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে, দ্বিতীয়খন টেষ্টত বিশ্ৰাম দিয়া যশপ্ৰীত বুমৰাহে ক্ৰিকেটৰ মক্কাত মূল একাদশত খেলাটো নিশ্চিত। পিচে তেওঁ কাৰ স্থানত অন্তৰ্ভূক্ত হয়, সেয়া মেচৰ পূৰ্বেহে জানিব পৰা যাব।
পূৰ্বৰ দুখন টেষ্টত প্ৰত্যাশা অনুসৰি প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰা প্ৰসিদ্ধ কৃষ্ণ বাদ পৰাৰ প্ৰবল সম্ভাৱনা আছে। আনহাতে ভাৰতে যদি পেচ আক্ৰমণত অধিক গুৰুত্ব দিয়ে, তেন্তে মূল একাদশৰ পৰা নিতীশ কুমাৰ ৰেড্ডীও বাদ পৰাৰ সম্ভাৱনা আছে।
ইফালে এজবাষ্টনত পৰাস্ত হ’লেও ভাৰতক ৰুধিবলৈ প্ৰবল আত্মবিশ্বাসী ঘৰুৱা দলটো। ভাৰতীয় বেটাৰক ৰুধিবলৈ সুকীয়া পৰিকল্পনা কৰা বুলি অধিনায়ক বেন ষ্ট’কছে সদৰী কৰিছে। মেচৰ সময় আবেলি ৩-৩০ বজা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us