ইথানল উৎপাদনৰ বাবে ৫২ লাখ মেট্ৰিক টন চাউল আবণ্টন ভাৰতীয় খাদ্য নিগমৰ...

যিটো জুন মাহত সমাপ্ত হোৱা ২০২৪/২৫ বিপণন বৰ্ষত বিশ্বজুৰি চাউলৰ চালানৰ প্ৰায় ৯ শতাংশৰ সমতুল্য। ২০২৪ বৰ্ষত ইথানলত ৩ হাজাৰ টনতকৈও কম এফ চি আই চাউল ব্যৱহাৰ কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-06-27 at 11.05.58 AM

ডিজিটেল ডেস্কঃ  ভাৰত চৰকাৰে ইন্ধন খণ্ডৰ স্বাৱলম্বিতা আৰু পৰিৱেশ সহায়ক জৈৱ ইন্ধন ব্যৱহাৰ আৰু প্ৰসাৰ কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতীয় খাদ্য নিগমে ইথানলৰ বাবে অভিলেখ ৫২ লাখ মেট্ৰিক টন চাউল আবণ্টন দিছে।

Advertisment

যিটো জুন মাহত সমাপ্ত হোৱা ২০২৪/২৫ বিপণন বৰ্ষত বিশ্বজুৰি চাউলৰ চালানৰ প্ৰায় ৯ শতাংশৰ সমতুল্য। ২০২৪ বৰ্ষত ইথানলত ৩ হাজাৰ টনতকৈও কম এফ চি আই চাউল ব্যৱহাৰ কৰা হৈছিল।

উল্লেখ্য যে, প্ৰতি টন ধানেৰে প্ৰায় ৪৭০ লিটাৰ ইথানল উৎপাদন কৰিব পাৰি, অৰ্থাত সম্ভাব্য উৎপাদন হ’ব ২.৪৫ বিলিয়ন লিটাৰ ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ ২০২৫–২৬লৈ ইথানল-মিক্সড পেট্ৰ’ল (EBP) প্ৰয়োজনকাৰী ২০ % মিশ্রণ সম্পাদন কৰা, যাতে পেট্ৰ’লত কম ৰাসায়নিক ক্ষতিকাৰক পদাৰ্থ থাকে আৰু বাইৰীয়া পৰিসৰত দেশীয় শক্তিৰ যোগান নিশ্চিত হয়

ভাৰতৰ লক্ষ্য হৈছে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত পেট্ৰ'লত ২০% ইথানল মিশ্ৰণ সম্পূৰ্ণ কৰা। এই পদক্ষেপে লক্ষ্যত উপনীত হ’বলৈ সহায়ক হ’ব বুলি আশা কৰা হৈছে। ইয়াৰোপৰি  এফচিআই ৰ গুদামত থকা অধিক ধানৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে পৰম্পৰাগত জৈৱ ইন্ধনৰ বিকল্প হিচাপে ইথানল ব্যৱহাৰ উন্নীত কৰাই এই সিদ্ধান্তৰ মূল উদ্দেশ্য। লগতে ই কৃষকৰ পৰা সংগৃহীত অনাদায় ধানৰ ব্যৱহাৰ বৃদ্ধি কৰি খাদ্য সংৰক্ষণত ব্যয় কমাব।

ভাৰতীয় খাদ্য নিগম