বুৰৈঘাট-নাচবৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নৈশ টহল বন বিভাগৰ...

বন্য জীৱ জন্তুৰ অহা যোৱা কৰা কৰিড'ৰ সদৃশ বিশ্বনাথ জিলাৰ বুৰৈঘাট আৰু আৰু নাচবৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড স্থাপন কৰি যান বাহনৰ গতি নিয়ন্ত্ৰণ আৰু নৈশ টহলৰ ব্যৱস্থা কৰিছে বন বিভাগে।

New Update
r4r4

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ বন্য জীৱ জন্তুৰ অহা যোৱা কৰা কৰিড'ৰ সদৃশ বিশ্বনাথ জিলাৰ বুৰৈঘাট আৰু আৰু নাচবৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড স্থাপন কৰি যান বাহনৰ গতি নিয়ন্ত্ৰণ আৰু নৈশ টহলৰ ব্যৱস্থা কৰিছে বন বিভাগে।বাৰিষাৰ আৰম্ভনিৰ ফলত হোৱা সৃষ্টি হোৱা বানপানীৰ বাবে, উক্ত অঞ্চলত মানুহ আৰু বন্যপ্ৰাণী দুয়োৰে বাবে এক গুৰুত্বপূৰ্ণ বিপদ সংকুলতাৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ।

Advertisment

বানপানীৰ ফলত ওখ ঠাই বিচাৰি বনাঞ্চলৰ পৰা ওলাই অহা বন্য জীৱ-জন্তুৰ বাবে জিলাখনৰ আন প্ৰান্তৰ দৰে বুৰৈঘাট আৰু নাচবৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা অন্যতম কৰিডৰ হিচাপে চিহ্নিত হৈ আহিছে।সেই বাবে উক্ত পথছোৱাত ইপাৰ সিপাৰ হওঁতে কোনো জীৱ জন্তুৰ যাতে গাড়ীৰ খুন্দাত আঘাটপ্ৰাপ্ত কিম্বা মৃত্যু নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে।

পূৱ শোণিতপুৰ বন সংমণ্ডলৰ বৰগাং বনাঞ্চলিক বিষয়া কাৰ্য্যলয়ৰ অন্তৰ্গত চিংলীজান খণ্ড বন বিষয়া কাৰ্য্যলয়ৰ খণ্ড বন বিষয়া ধনজিৎ চুতীয়াৰ নেতৃত্বত বনৰক্ষীৰ এটা দলে বৰ্তমান উক্ত পথছোৱাত প্ৰতি নিশা নৈশ টহলৰ ব্যৱস্থা কৰি যান বাহনৰ গতি নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।উক্ত পথছোৱাৰ মাজেৰে পাৰ হৈ যাওঁতে প্ৰতিখন যান বাহনে ৪০ কিমি/ঘণ্টা সর্বোচ্চ গতিবেগ বজাই ৰাখিব লাগিব।

একেদৰে জৰুৰীকালীন অৱস্থাৰ বাহিৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কাষত কোনো অভাৰটেকিং, অপ্ৰয়োজনীয় হৰ্ণ বা যান বাহন ৰখাত বাধা আৰোপ কৰা হৈছে।বন বিভাগৰ এই তৎপৰতাই বানপানীৰ ফলত ওখ ঠাইলৈ ওলাই অহা বন্য জীৱ জন্তু সমূহক সুৰক্ষিত কৰি ৰাখিব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী ৰাইজে।

ছয়দুৱাৰ