ডিজিটেল ডেস্কঃ কঠোৰ পৰিশ্ৰম, কামৰ ক্ষেত্ৰত বৌদ্ধিক দৃষ্টিভংগী আৰু নম্ৰ ব্যৱহাৰৰ বাবে সকলোৰে মন জয় কৰা ড০ মনমোহন সিঙৰ বিয়োগত স্ৰিয়মান সমগ্ৰ দেশ। প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি দেশত ৭দিনীয়া ৰাষ্ট্ৰীয় শোকৰ ঘোষণা কৰা হৈছে।
ভিন্ন কৰ্মৰাজিৰ লগতে ড° মনমোহন সিঙৰ প্ৰধানমন্ত্ৰী হিচাপে আছে এক অদ্বিতীয় কৃতিত্ব। যি কৃতিত্বৰ অংশীদাৰ ভৱিষ্যতে হয়তো আৰু কোনো প্ৰধানমন্ত্ৰী হ’ব নোৱাৰিব৷ ১ টকাৰ পৰা ১০০ টকাৰ নোটলৈকে চহী থকা ড° মনমোহন সিং হৈছে এতিয়ালৈ দেশৰ একমাত্ৰ প্ৰধানমন্ত্ৰী৷
১ টকাৰ নোটত বিত্ত সচিব আৰু ২ টকা আৰু অন্য নোটত নোটত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ চহী থাকে৷ ড° সিঙে এই দুয়োটা পদতে কাৰ্যনিৰ্বাহ কৰিছিল৷ যাৰ বাবে এই অদ্বিতীয় কৃতিত্ব তেওঁৰ নামত চিৰদিন থাকি যাব৷
উল্লেখ কৰা প্ৰয়োজন যে, ১৯৫৭ চনৰ পৰা ১৯৫৯ চনলৈকে মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৬ চনত সিঙ Delhi School of Economics ত অধ্যাপক হিচাপে কৰ্মৰত আছিল।
ইয়াৰ উপৰিও তেওঁ ১৯৬৬ চনৰ পৰা ১৯৬৯ চন লৈকে ৰাষ্ট্ৰসংঘত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৯ চনত, মনমোহন সিঙে দিল্লী স্কুল অফ ইকনমিক্সত আন্তৰ্জাতিক বাণিজ্যৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৯৭২ চনত মনমোহন সিঙে বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে দায়িত্বভাৰ পালন কৰিছিল।
ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭৬ চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মনমোহন সিঙে ১৯৮০ চনৰ পৰা ১৯৮২ চনত পৰিকল্পনা আয়োগৰ লগত জড়িত হৈ আছিল। অন্যহাতে তেওঁ ১৯৮২ চনত প্ৰাক্তন বিত্ত মন্ত্ৰী প্ৰণৱ মুখাৰ্জীৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্ত হৈছিল।