গড়গাঁও মহাবিদ্যালয়ত নৱাগত আদৰণী সভা সম্পন্ন...

গড়গাঁও মহাবিদ্যালয়ত নৱাগত আদৰণী সভা সম্পন্ন...
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰ: ‘‘সাধনা অবিহনে জীৱন অসাধ্য- জীৱনজোৰা সাধনা কৰাসকলে পৃথিৱীত শ্ৰেষ্ঠ স্থান-যোগ্য স্থান দখল কৰি আছে৷’’ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত মুখ্য অতিথি তথা নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত বিভাগীয় প্ৰধান তথা কৃষ্ণ সংস্কৃতিৰ গৱেষক, বিশিষ্ট সাহিত্যিক ড০ অৰুন্ধতী মহন্তই এই মন্তব্য আগবঢ়ায়৷ তেওঁ লগতে কয় যে ভাৰতীয় ঐতিহ্যৰ মাজতে আধুনিক শিক্ষা-ব্যৱস্থাৰ প্ৰায়বিলাক আধাৰ সোমাই আছে ৷

উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ এই বৰ্ষৰ নৱাগত আদৰণী সভাখন মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজিত সভাখনৰ কাৰ্যসূচী পুৱা পৰিৱেশ নিকাকৰণেৰে আৰম্ভ হয়৷ ইয়াৰ পিছতে ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে সভাপতি জিত আৰন্ধৰাই ৷ ড০ অৰুন্ধতী মহন্তই মুখ্য অতিথি তথা নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰা নৱাগত আদৰণী সভাৰ পুৱাবেলাৰ মূল সভাৰ কাৰ্যসূচী উদ্বোধন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিমান চন্দ্ৰ বৰুৱাই ৷

ছাত্ৰ-একতা সভাৰ তৰ্ক বিভাগৰ সম্পাদক অপূৰ্ব শইকীয়াই আঁত ধৰা অনুষ্ঠানৰ আদৰণী ভাষণ আগবঢ়াই অধ্যক্ষ ড০ সব্যসাচী মহন্তই৷ আদৰণী ভাষণত বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ ড০ মহন্তই নৱাগতসকলক মহাবিদ্যালয়লৈ অনুষ্ঠানিকভাৱে আদৰণি জনাই মহাবিদ্যালয়ৰ ঐতিহ্য আৰু সাংস্কৃতিক পৰম্পৰাত বিলীন হৈ যাবলৈ পৰামৰ্শ আগবঢ়ায়৷ ভাষণ প্ৰসংগত অধ্যক্ষ ড০ মহন্তই নতুন প্ৰজন্মই আন্তৰিকতা আৰু যান্ত্ৰিকতাৰ সন্তোলন ৰক্ষা কৰি আত্মকেন্দ্ৰিক বৃত্তৰ বাহিৰত জীৱন যাপন কৰাত গুৰুত্ব দিয়ে৷

নৱাগত আদৰণী সভাতে গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত কৃতী শিক্ষক-শিক্ষাৰ্থীৰ বাবে এক সম্বৰ্ধনা কাৰ্যসূচীও অনুষ্ঠিত হয়৷ এই বৰ্ষত গোটে প্ৰদান কৰিবলৈ ঠিক কৰা শৈক্ষিক বঁটা লাভ কৰিছে- কলা শাখাৰ শ্ৰেষ্ঠ শিক্ষাৰ্থী দীক্ষিতা গগৈ, বিজ্ঞান শাখাৰ শ্ৰেষ্ঠ শিক্ষাৰ্থী স্বৰ্ণিমৰাজ বৰুৱা, বাণিজ্য শাখাৰ শ্ৰেষ্ঠ শিক্ষাৰ্থী ৰাজকিশোৰ লাহন আৰু স্নাতকোত্তৰ শ্ৰেষ্ঠ শিক্ষাৰ্থী ইংৰাজী বিভাগৰ আদিত্য বৰগোহাঁয়ে। শিক্ষক গোটে লগতে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় পিএইচ. ডি ডিগ্ৰী লাভ কৰা বাণিজ্য বিভাগৰ বিভাগীয় প্ৰধান ড০ অনিল তাঁতীক সম্বৰ্ধনা জনায়৷

উক্ত সভাত উপাধ্যক্ষ ড০ ৰীণা সন্দিকৈ, শিক্ষক গোটৰ সভাপতি প্ৰণৱ দুৱৰা, ছাত্ৰ-একতা সভাৰ মুখ্য উপদেষ্টা ড০ দিলীপ কুমাৰ ডেকা, কৰ্মচাৰী গোটৰ সভাপতি বিজু ফুকনকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকি নিজৰ মনোভাৱ ব্যক্ত কৰে৷ নৱাগত আদৰণী সভাত বিয়লিলৈ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু আমন্ত্ৰিত গায়কৰ দ্বাৰা বাৰেৰহণীয়া সংস্কৃতিক এক কাৰ্যসূচী অনুষ্ঠিত হয়৷ য’ত থলুৱা আৰু পৰম্পৰাগত বিভিন্ন নৃত্য-গীত প্ৰদৰ্শন কৰা হয়৷

গড়গাঁও মহাবিদ্যালয়ত নৱাগত আদৰণী সভা সম্পন্ন...
সদস্যতা অভিযান সন্দৰ্ভত ধুবুৰীত জিলা বিজেপিৰ সংবাদমেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in