দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত ৪ জনকৈ লোকৰ মৃত্যুঃ পুনৰ জটিল হোৱাৰ দিশে মণিপুৰৰ পৰিস্থিত !

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰত পুনৰ গুলীওৱাৰ এক ঘটনা সংঘটিত হোৱাত পৰিস্থিতি জটিল হৈ পৰিছে। সোমবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত সংঘটিত হোৱা এক ঘটনাত ৪ জন লোক নিহত হৈছে। 

author-image
Asomiya Pratidin
New Update
দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত ৪ জনকৈ লোকৰ মৃত্যুঃ পুনৰ জটিল হোৱাৰ দিশে মণিপুৰৰ পৰিস্থিত !

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰত পুনৰ গুলীওৱাৰ এক ঘটনা সংঘটিত হোৱাত পৰিস্থিতি জটিল হৈ পৰিছে। সোমবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত সংঘটিত হোৱা এক ঘটনাত ৪ জন লোক নিহত হৈছে। 

Advertisment

অভিযোগ অনুসৰি পইণ্ট ব্লেক ৰেঞ্জৰ পৰা গুলীয়াই হত্যা কৰা হৈছে চাৰিজন লোকক। মৃতসকলৰ ভিতৰত এগৰাকী ৬০ বছৰীয়া মহিলাও আছে। এই ঘটনাই জিলাখনত নতুনকৈ উত্তেজনাৰ সৃষ্টি কৰিছে। 

অৱশ্যে এতিয়ালৈকে কোনো সংগঠনে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই। খবৰ অনুসৰি সোমবাৰে পুৱতি নিশা চুৰাচান্দপুৰ চহৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ মনজাং অঞ্চলত সংঘটিত হয় এই আক্ৰমণ। 

সেই সময়ত পথেৰে পাৰ হৈ যোৱা এখন বাহনক লক্ষ্য কৰি আক্ৰমণকাৰীয়ে গুলী চালনা কৰে আৰু চাৰিজন লোকক হত্যা কৰে।এই আক্ৰমণৰ তথ্য লাভ কৰি আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয়।

অৱশ্যে এই ঘটনাত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে। হত্যাকাণ্ডস্থলীৰ পৰা উদ্ধাৰ হৈছে ১২টা গুলীৰ কাৰ্টিজ। 

অঞ্চলটোত সাম্ভাব্য হিংসাত্মক ঘটনা প্ৰতিৰোধৰ বাবে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। সুৰক্ষা বাহিনীয়ে পূৰ্ণ শক্তিৰে আৰম্ভ কৰিছে অনুসন্ধান অভিযান।

মন কৰিবলগীয়া যে ২০২৩ চনৰ পৰা কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ বাবে মণিপুৰ ধাৰাবাহিকভাৱে অশান্ত হৈ আছে। বিগত ২ বছৰে চলি থকা সংঘৰ্ষত ২০০ ৰো অধিক লোকৰ মৃত্যু হৈছে।

চৰকাৰী তথ্য অনুসৰি এই পৰ্যন্ত ৬০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে ফেব্ৰুৱাৰী মাহৰ পৰা ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছে। 

সমগ্ৰ মণিপুৰ কাৰ্যতঃ সেনাৰ নিয়ন্ত্ৰণত। এনে পৰিস্থিতিত এই হত্যাকাণ্ডই পুনৰ মণিপুৰৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰে।

 

মণিপুৰ