Advertisment

লেজাৰমেনখ্যাত বিশিষ্ট চিকিৎসক ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত গহপুৰত বিনামূলীয়া চিকিৎসা শিবিৰ‌

ভাৰতৰ লেজাৰমেনখ্যাত তথা উত্তৰ- পূৱ ভাৰতৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ কিডনি হাস্পতাল আই ইউ কে ডিৰ চেয়াৰমেন ডা০ অৰূপ কুমাৰ নাথক লোহিতমুখত মিছিং ৰাইজে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে

author-image
Asomiya Pratidin
New Update
djjdf

ডিজিটেল সংবাদ, ছয়দুৱাৰ : ভাৰতৰ লেজাৰমেনখ্যাত তথা উত্তৰ- পূৱ ভাৰতৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ কিডনি হাস্পতাল আই ইউ কে ডিৰ চেয়াৰমেন- মুখ্য ইউৰ'লোজিষ্ট ডা০ অৰূপ কুমাৰ নাথক দেওবাৰে গহপুৰ মহকুমাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দাতিকাষৰীয়া লোহিতমুখত মিছিং ৰাইজে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে। গণেশ কুটুম মেম'ৰিয়েল পলিক্লিনিক(গহপুৰ) আৰু ইষ্টাৰ্ণ ষ্টন এণ্ড কিডনী ফাউণ্ডেছনৰ উদ্যোগত তথা লোহিতমুখৰ কঠালকুছি ৰূপালীম যুৱক সংঘ আৰু  ইনষ্টিটিউট অফ ইউৰ'লোজি এণ্ড কিডনি ডিজিজেছৰ সহযোগত লোহিতমুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ।

Advertisment

উক্ত শিবিৰটিত বিশিষ্ট চিকিৎসকগৰাকীক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নিষ্ঠা, সততা আৰু আন্তৰিকতাৰে চিকিৎসা সেৱা আগবঢ়াই অহা ডাঃ নাথে অসমৰ ভিতৰুৱা অঞ্চলসমূহত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি দৰিদ্ৰ ৰাইজৰ প্ৰতি আগবঢ়াই অহা সেৱাৰ বাবে এই সম্বৰ্ধনা জ্ঞাপন কৰে।

উক্ত সম্বৰ্ধনাৰ জৰিয়তে ডা০ নাথে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি ৰাইজৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি কৰি অহা নিঃস্বাৰ্থ সেৱাক শলাগ লোৱা হয়। তদুপৰি গুৱাহাটীৰ সোণাপুৰত অৱস্থিত আই ইউ কে ডি হাস্পতালখনে অসমৰ স্বাস্থ্য সেৱাৰ খণ্ডত এক নতুনত্বৰ সূচনা কৰা বুলি উল্লেখ কৰে বৃহত্তৰ অঞ্চলটোৰ নৈপৰীয়া ৰাইজে। 

সম্বৰ্ধনা অনুষ্ঠানটোত ডা০ অৰূপ কুমাৰ নাথৰ লগত অহা আই ইউ কে ডিৰ চিকিৎসক ডা০ বিপুল পান্নাকো সম্বৰ্ধনা জনোৱা হয়। উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰটোত বিভিন্ন অঞ্চলৰ কিডনি আৰু প্ৰস্ৰাৱৰ সমস্যাত ভোগা কেইবাশতাধিক ৰোগীক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসাৰ বিধান দিয়ে ডা০ অৰূপ কুমাৰ নাথে।

sdg

বিশেষকৈ কিডনি ষ্টোনৰ সমস্যা, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনি বিকল হোৱা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, কিডনি, ব্লাডাৰ আৰু প্ৰষ্টেট কেঞ্চাৰৰ সমস্যাৰ লগতে পুৰুষৰ যৌন সমস্যাৰ ওপৰত স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা আগবঢ়াই ডা০ নাথে। ডা০ নাথৰ দৰে এগৰাকী প্ৰসিদ্ধ চিকিৎসকৰ নেতৃত্বত অহা দলটোৱে লোহিতমুখৰ কঠালকুছিৰ দৰে ভিতৰুৱা অঞ্চললৈ আহি চিকিৎসা শিবিৰৰ জৰিয়তে বিনামূলীয়া চিকিৎসা প্ৰদান কৰাত চিকিৎসগৰাকীক অঞ্চলবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে স্থানীয় যুৱ সমাজৰ্মী তথা শিবিৰটোৰ অন্যতম আয়োজক জনতা কাৰ্ডঙৰ লগতে গণেশ কুটুম মেমৰিয়েল পলিক্লিনিকৰ চিকিৎসক ডাঃ ৰঞ্জিত কাৰীয়ে।

উক্ত শিবিৰটোত উপস্থিত থাকি গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ভুৱন শইকীয়াই ডা০ অৰূপ কুমাৰ নাথৰ উপযুক্ত চিকিৎসা প্ৰণালী, মানবীয় প্ৰমূল্যবোধ আৰু সামাজিক দায়বদ্ধতাক শলাগ লৈ ডাঃ নাথ এগৰাকী মানৱদৰদী চিকিৎসক বুলি উল্লেখ কৰে।

ডা০ অৱনী ভূষণ ৰয়ক সম্বৰ্ধনা : 

গহপুৰৰ চিকিৎসাক্ষেত্ৰৰ অন্যতম এক জনপ্ৰিয় নাম ডাঃ অৱনী ভূষণ ৰয়ক ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনী ডিজিজছৰ চেয়াৰমেন ডাঃ অৰূপ কুমাৰ নাথে এখন সম্বৰ্ধনা পত্ৰ আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। জীৱনৰ সুদীৰ্ঘ কাল নিষ্ঠা আৰু সততাৰে আগবঢ়াই অহা চিকিৎসা সেৱাৰ বাবে তেওঁক এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

উল্লেখযোগ্য যে- তেতিয়াৰ গহপুৰ মহকুমা অসামৰিক চিকিৎসালয় আৰু বৰ্তমানৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ অৱণী ভূষণ ৰয়ে অৱসৰৰ পিছতো দায়বদ্ধতাৰে আগবঢ়াই আছে চিকিৎসা সেৱা। গহপুৰ মহকুমাৰ ৰোগীসকলৰ বাবে অতি জনপ্ৰিয় চিকিৎসক ডা০ অৱণী ভূষণ ৰয় কেইবাদশক ধৰি গহপুৰৰ চিকিৎসা ক্ষেত্ৰৰে জড়িত হৈ আছে।

gohpur