বাক্সাৰ অহোপাত বিনামূলীয়া চিকিৎসা শিবিৰ…

বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী অহোপাত মঙলবাৰে অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেন্ট চমুকৈ এ চি আৰ ডি নামৰ সংস্থাটোৰ উদ্যোগত বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত

author-image
Asomiya Pratidin
New Update
বাক্সাৰ অহোপাত বিনামূলীয়া চিকিৎসা শিবিৰ

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী অহোপাত মঙলবাৰে অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেন্ট চমুকৈ এ চি আৰ ডি নামৰ সংস্থাটোৰ উদ্যোগত বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। এছ বি আই সঞ্জীৱনী প্ৰকল্পৰ সহযোগত অনুষ্ঠিত হয় এই চিকিৎসা শিবিৰটো। 

Advertisment

শিবিৰটিত গুৱাহাটীৰ নাৰায়ণা হাস্পতালৰ চিকিৎসসকলে ভালেসংখ্যক ৰোগীক কেতবোৰ পৰামৰ্শ আগবঢ়ায় । এই শিবিৰতে ৰোগীৰ প্ৰাথমিক পৰীক্ষা-নিৰীক্ষা আৰু ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰে সংস্থাটোৱে । 

উল্লেখযোগ্য যে, আজিৰ এই শিবিৰটিত প্ৰায় দুই শতাধিক ৰোগীয়ে চিকিৎসা সম্পৰ্কীয় পৰামৰ্শ আৰু ঔষধ গ্ৰহণ কৰে ।

Free health check-up baksa