ৰঙিয়াত বিনামূলীয়া চিকিৎসা শিবিৰ...

ৰঙিয়াত বিনামূলীয়া চিকিৎসা শিবিৰ...

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত বিনামূলীয়া চিকিৎসা শিবিৰ...

ডিজিটেল সংবাদ ,ৰঙিয়াঃ সোমবাৰে আৰিমত্ত জেষ্ঠ্য নাগৰিক সন্মিলনৰ সৌজন্যত ৭২ নং কেকোৱাহাটি বুনিয়াদী বিদ্যালয়ত, গুৱাহাটী মাৰোৱাৰী হস্পিটেলৰ দ্বাৰা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। উক্ত শিবিৰত প্ৰায় ১০০জন পুৰুষ-মহিলাই চিকিৎসা সেৱা গ্ৰহণ কৰে।

Advertisment

শিবিৰ উদ্বোধনী সময়ত আৰিমত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি কামিনী ভুঞা, গোলোক চন্দ্ৰ তালুকদাৰ, শুক্ৰেশ্বৰ কলিতা, যাব কুমাৰ কলিতা, নগেন চন্দ্ৰ বড়ো, নাৰায়ন বড়ো, শৈলেন বড়োকে আদি কৰি ভালে মান ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে সম্পাদক কন্দৰ্পেশ্বৰ শৰ্মাই। শিবিৰত চিকিৎসা কৰাৰ উপৰি সকলো ঔষধো বিনামূলীয়াকৈ বিতৰণ কৰে ।

Also Read: ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ যতীন বৰাৰ বিয়োগ...

rangiya Free health check-up