ধুবুৰীত পৌৰসভাৰ উদ্যোগত 'ছাফাই আপনাও বিমাৰী ভগাও' কাৰ্যসূচীৰ ৰূপায়ণ

ধুবুৰী পৌৰসভাৰ উদ্যোগত আৰু ধুবুৰীৰ নগৰীয়া প্ৰাথমিক স্বাস্থ্য আয়ুষ্মান আৰোগ্য মন্দিৰৰ সহযোগত আজি ধুবুৰীৰ হৰিজন ক'লনীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়।

author-image
Tushar Pratim
New Update
ধুবুৰীত পৌৰসভাৰ উদ্যোগত 'ছাফাই আপনাও বিমাৰী ভগাও' কাৰ্যসূচীৰ ৰূপায়ণ

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী পৌৰসভাৰ উদ্যোগত আৰু ধুবুৰীৰ নগৰীয়া প্ৰাথমিক স্বাস্থ্য আয়ুষ্মান আৰোগ্য মন্দিৰৰ সহযোগত আজি ধুবুৰীৰ হৰিজন ক'লনীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। 'ছাফাই আপনাও বিমাৰী ভগাও' এই উদ্দেশ্য আগত ৰাখি ধুবুৰী পৌৰ সভাই আজি ছাফাই কৰ্মীসকলৰ মাজত স্বাস্থ্য পৰীক্ষা আৰু বিনামূলীয়া ঔষধৰ যোগান ধৰাৰ ব্যৱস্থা কৰে। 

আজি ৰাতিপুৱা দহ বজাৰ পৰা ধুবুৰীৰ হৰিজন ক'লনীত আৰম্ভ হোৱা এই স্বাস্থ্য পৰীক্ষা শিবিৰত ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ কেইবা জনো চিকিৎসকে ছাফাই কৰ্মীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ পিছত তেওঁলোকক বিনামূলীয়াকৈ ঔষধৰো যোগান ধৰা হয়। 

ধুবুৰী পৌৰসভাই 'ছাফাই আপনাও বিমাৰী ভগাও' এই আঁচনিৰ অধীনত ইতিমধ্যে চহৰ খনৰ ১৬ টা ৱাৰ্ডতে স্বচ্ছতা আৰু বিভিন্ন বেমাৰ-আজাৰ দূৰীকৰণ কৰাৰ অৰ্থে চহৰবাসী ৰাইজৰ মাজত সজাগতামূলক অভিযান চলাই থকাৰ কথাও জানিবলৈ দিয়ে পৌৰসভাখনৰ কাৰ্যবাহী বিষয়া নম্ৰতা প্ৰদীপ শৰ্মাই।

স্বাস্থ্য পৌৰসভা