/asomiyapratidin/media/media_files/2025/02/12/MNRACHPLY8OXRSZA9EMZ.jpg)
নগাঁৱত ইষ্টাৰ্ণ ষ্টন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ
ডিজিটেল সংবাদ, নগাঁও : বুধবাৰে নগাঁৱৰ ইষ্টাৰ্ণ ষ্টন এণ্ড কিডনী ফাউণ্ডেশ্যন আৰু ইনষ্টিটিউত অফ ইউৰলজিৰ উদ্যোগত নগাঁও লায়ন্স ক্লাৱ চাৰ্ভিচ কেন্দ্ৰত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। ডাঃ অৰূপ কুমাৰ নাথ আৰু ডা: বিকাশ চৌধুৰীৰ তত্বাৱধানত আজি ভালেসংখ্যক ৰোগীয়ে প্ৰসাৱজনিত সমস্যা, কিডনী ষ্টনৰ সমস্যা, প্ৰষ্ট্ৰেত গ্ৰন্থিৰ সমস্যাসমূহ পৰীক্ষা কৰে।
এই স্বাস্থ্য শিবিৰত নগাঁও লায়ন্স ক্লাৱৰ সভাপতি অজয় মিট্টল, সম্পাদক হৰদৰ্শন সিংহ, কোষাধ্যক্ষ মদন সাহা, আহ্বায়ক নানু দাস, বিশ্বজিৎ মহন্ত, মালচন্দ আগৰৱালা, হৰদৰ্শন সিংহ, গংগা বল্লভ গোস্বামী, মহাবীৰ আগৰৱালা, চফিৰ্উদ্দিন আহমেদ, মালা শৰ্মা বৰদলৈ, ৰূপালীম বৰঠাকুৰ, ইনামূল মজিদ, গুৰুচৰণ সিংহ, মহৰ্ষি বৰদলৈ, প্ৰণৱ দাস, বি এল আগৰৱালা, বিজয় মংগোনলীয়া, অনিল শৰ্মা, ওপৰিও ইত্যাদি বহু লোক উপস্থিত থাকে।