Advertisment

উদগম ফাউণ্ডেচনৰ সৌজন্যত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

এপল' এক্সেল কেয়াৰৰ এদল চিকিৎসকে বিভিন্ন লোকৰ ৰক্তচাপ,মধুমেহ, ইলেক্ট্ৰ’কাৰ্ডিঅ’গ্ৰাম(ECG), উচ্চতা আৰু ওজন পৰীক্ষণ কৰাৰ লগতে চিকিৎসক আৰু ডায়েটেচিয়ানে পৰামৰ্শদান কাৰ্যসূচী ৰূপায়ণ কৰে। এই শিবিৰে অঞ্চলটোৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গুৱাহাটীঃ পূব কৃষ্ণনগৰ জাপৰিগোগস্থিত কৃষ্ণনগৰ বিদ্যাপীঠ হাইস্কুলত এপল' এক্সেল কেয়াৰৰ সহযোগত তথা উদগম ফাউণ্ডেচনৰ সৌজন্যত ৭ ডিচেম্বৰত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষণ শিবিৰ সফলতাৰে সম্পন্ন হয়। ১৫০ ৰো অধিক লোকে অংশগ্ৰহণ কৰা এই শিবিৰ পুৱা দহ বজাৰ পৰা আৰম্ভ হৈছিল ।

Advertisment

এপল' এক্সেল কেয়াৰৰ এদল চিকিৎসকে বিভিন্ন লোকৰ ৰক্তচাপ,মধুমেহ, ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাম(ECG), উচ্চতা আৰু ওজন পৰীক্ষণ কৰাৰ লগতে চিকিৎসক আৰু ডায়েটেচিয়ানে পৰামৰ্শদান কাৰ্যসূচী ৰূপায়ণ কৰে। এই শিবিৰে অঞ্চলটোৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰে।

সকলোৰে সহায়-সহযোগিতাত উদগম ফাউণ্ডেচনে সন্তুষ্টি ব্যক্ত কৰে আৰু অনাগত দিনতো এনে শিবিৰ আয়োজন কৰি যাব বুলি জানিবলৈ দিয়ে ।

health camp