/asomiyapratidin/media/media_files/2025/02/27/kZdeKVQjEUBwmv6OLv2T.png)
কন্যকা বহুমুখী পামৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ পৰিদৰ্শন ভৱন প্ৰাংগনত ভৰলীপৰীয়া কন্যকা বহুমূখী পামৰ উদ্যোগত গুৱাহাটীৰ শংৰদেৱ নেত্ৰালয়ৰ বিশেষ তৎপৰতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ ৷ উক্ত শিবিৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শিবিৰটি শুভ উদ্বোধন কৰে ৷
বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত শংকৰদেৱ নেত্ৰালয়ৰ চকুৰোগ বিশেষজ্ঞ আৰু চিকিৎসকসকলৰ লগতে চিকিৎসা কৰ্ম্মীসকলৰ প্ৰশংসনীয় পদক্ষেপৰ আদৰনী জনাই কয় যে এই বিনামুলীয়া চকুৰোগৰ চিকিৎসা শিবিৰটোৰ জৰিয়তে অঞ্চলটোৰ চকুৰ ৰোগত আক্ৰান্ত লোকসকল নিশ্চিতভাৱে উপকৃত হ'ব৷ ইয়াত তিনিশ গৰাকী ৰোগীৰ চকু পৰীক্ষা কৰি আক্ৰান্ত ৰোগীসকলক চিনাক্ত কৰি পিছত নি গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ত প্ৰয়োজনীয় অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ব বুলিও মন্তব্য কৰে ৷
চকু চিকিৎসা শিবিৰৰ উদ্ধোধনী অনুষ্ঠাটিত বিশিষ্ট যুৱ সমাজকৰ্মী চাদুদ্দিন(বুলু) আহমেদ, পৌৰপতি দ্বয় পল্লবিতা শৰ্ম্মা মহন্ত আৰু দ্বীপশিখা সন্দিকৈ, সমাজকৰ্মী হীতেশ বৰুৱা,পৱিত্ৰ দাসকে ধৰি অঞ্চলটোৰ বহুকেইগৰাকী গন্যমান্য ব্যক্তিয়েও অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us