কেলিডেন চাহ বাগিচাত লায়ন্স ক্লাৱৰ চকু পৰীক্ষা শিবিৰ সম্পন্ন...

author-image
Asomiya Pratidin
New Update
কেলিডেন চাহ বাগিচাত লায়ন্স ক্লাৱৰ চকু পৰীক্ষা শিবিৰ সম্পন্ন...

nagaon

ডিজিটেল সংবাদ নগাওঁঃ ৯ অক্টোবৰ ২০২২, দেওবাৰে নগাঁও লায়ন্স ক্লাবৰ সৌজন্যত, গুৱাহাটী লায়ন্স ক্লাবৰ চকু চিকিৎসালয় আৰু কেলিডেন পলিপেক কেন্দ্ৰৰ সহযোগত নগাঁৱৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ মিছাৰ কেলিডেন চাহ বাগিচাৰ চিকিৎসালয়ত বিনামূলীয়া চকু চিকিৎসা (কেটাৰেক্ট)শিবিৰ অনুষ্ঠিত কৰা হয় । পুৱা প্ৰায় ১০ বজাৰ পৰা আৰম্ভ হোৱা এই চকু চিকিৎসা শিবিৰ বিয়লি প্ৰায় ২ মান বজালৈ অনুষ্ঠিত হয়।

Advertisment

এই সময়ছোৱাত ৩ জনকৈ চকু চিকিৎসকে এই অঞ্চলৰ প্ৰায় দুই শতাধিক লোকৰ চকু পৰীক্ষা কৰোৱা হয়। এই শিবিৰত চকুৰ পৰীক্ষাৰ লগতে স্থানীয় লোকসকলে ৰক্তচাপ আৰু মধুমেহৰো পৰীক্ষা কৰে।

যিসকল চকুৰ ৰোগীৰ কেটাৰেক্ট দেখা দিয়ে সেইসকল চকু ৰোগীক পৰ্যায়ক্ৰমে গুৱাহাটী লায়ন্চ ক্লাবৰ চকু চিকিৎসালয়ত বিনামূলীয়াকৈ কেটাৰেক্ট অস্ত্ৰোপচাৰৰ বাবে পঠিওৱা হ'ব। আজিৰ এই অনুষ্ঠানত গুৱাহাটী লায়ন্স ক্লাবৰ চকু চিকিৎসালয়ৰ পৰা চিকিৎসক দেৱেশ্বৰ পাঠক, মামনি দেৱী, প্ৰানজিৎ দাস,ভৱেশ শৰ্মা উপস্থিত থাকে।

ইয়াৰ উপৰিও গোহাঁই নাৰ্চিং হোমৰ পৰা চিকিৎসক ছাদ্দাম হুছেইন,কৰবী হাজৰিকা আৰু আৰ্জিনা বেগম উপস্থিত থাকে ।লগতে কেলিডেন পলিপেকৰ বিষয়ববীয়া অভিনৱ তিৱাৰী আৰু ৰাজীৱ দে' উপস্থিত থাকে।

নগাঁও লায়ন্স ক্লাবৰ হৈ সভাপতি মালচন্দ আগৰৱালা, সম্পাদক সাৰাংগ বল্লৱ গোস্বামী, কোষাধ্যক্ষ হৰ্ষদা চোলাংকী,গংগা বল্লভ গোস্বামী,মহাবীৰ আগৰৱালা, বিশ্বজিৎ মহন্ত,গুৰুচৰন সিং,যুগল আগৰৱালা,পৱন বৰা,হৰদৰ্শন সিং,হিম্মত সিং চৌলাংকী, মদন সাহা, ছফিৰ‌উদ্দিন আহমেদ, মহৰ্ষি বৰদলৈ, হেমন্ত বৰদলৈ আদি উপস্থিত থাকে।

nagaon lions club