ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰবঞ্চনাৰ জাল, লাখ লাখ টকা আত্মসাৎ

আজিও গ্ৰাম্য অঞ্চলত পিয়াপি দি ফুৰিছে একাংশ প্ৰবঞ্চকে। এইবাৰ প্ৰবঞ্চকৰ লক্ষ্য গ্ৰাম্য অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ী। প্ৰবঞ্চকৰ জালত ভৰি দি আৰক্ষীৰ দুৱাৰে দুৱাৰে ঘুৰিব লগা হৈছে এগৰাকী মহিলা গোলামাল দোকানী।

author-image
Asomiya Pratidin
New Update
প্ৰবঞ্চনাৰ জাল

প্ৰবঞ্চনাৰ জাল

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই কঠোৰ পদক্ষেপ গ্ৰহণ নকৰক কিয় আজিও গ্ৰাম্য অঞ্চলত পিয়াপি দি ফুৰিছে একাংশ প্ৰবঞ্চকে। এইবাৰ প্ৰবঞ্চকৰ লক্ষ্য গ্ৰাম্য অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ী। প্ৰবঞ্চকৰ জালত ভৰি দি আৰক্ষীৰ দুৱাৰে দুৱাৰে ঘুৰিব লগা হৈছে এগৰাকী মহিলা গোলামাল দোকানী। ইলিয়াছ নামৰ এটা ভুৱা বেংকৰ মূৰব্বীৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ।

Advertisment

অভিযোগ অনুসৰি এইগৰাকী ইলিয়াছে "শ্বাকিল চেল্ফ হেল্ফ গ্ৰুপ" নামৰ বিত্তীয় প্ৰতিষ্ঠান খুলি গ্ৰাম্যাঞ্চলৰ খুচুৰা দোকানীৰ পৰা অধিক মুনাফা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে দৈনিক আদায় লৈছে হেজাৰ হেজাৰ টকা।  মহিলাগৰাকীক বছেৰেকৰ মূৰত প্ৰায় আশী হাজাৰ টকা সমূদায় প্ৰদানৰ নিশ্চিয়তা দি বিত্তীয় প্ৰতিষ্ঠানৰ গৰাকী ইলিয়াছে দৈনিক দুশ টকাকৈ আদায় লৈছিল যদিও নিৰ্ধাৰিত সময় উকলি যোৱাৰ প্ৰায় তিনিমাহ পিছতো উক্ত ধন আদায় নিদি ৰচনা কৰিছে প্ৰবঞ্চনাৰ ন-ন কৌশল। যাৰ বাবে ইতিমধ্যে মহিলাগৰাকীয়ে প্ৰবঞ্চক ইলিয়াছৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

Batadrawa batadraba