চাপৰত ইডিৰ নাম লৈ লুটিলে ১ কোটি ৭০ লাখৰো অধিক টকা...

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। ন ন কৌশল অৱলম্বন কৰি দুষ্ট চক্ৰই লুটিছে সৰ্ব সাধাৰণৰ জীৱনৰ সকলো জমা ধন।চাপৰত এজন ব্যক্তিৰ পৰা ইডিৰ নামত লুটিলে কোটি টকা।

author-image
Asomiya Pratidin
New Update
চাপৰত ইডিৰ নাম লৈ লুটিলে ১ কোটি ৭০ লাখৰো অধিক টকা...

ডিজিটেল সংবাদ চাপৰঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। ন ন কৌশল অৱলম্বন কৰি দুষ্ট চক্ৰই লুটিছে সৰ্ব সাধাৰণৰ জীৱনৰ জমাপুঞ্জি। 

এইবাৰ তেনে এক চাইবাৰ চক্ৰৰ জালত পৰিল চাপৰৰ এজন জ্যেষ্ঠ নাগৰিক। অভিযোগ অনুসৰি চাপৰ বজাৰৰ নিৰ্মল দাস নাম ব্যক্তিজনক ফোন যোগে মিছা ভয়-ভাবুকি প্ৰদান কৰি দুষ্ট চক্ৰই লুটিলে ১ কোটি ৭০ লাখ ৩৯ হাজাৰ ৪৪৪ টকা। 

এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া চাপৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰ্মল দাসে জানিবলৈ দিয়া মতে তেওঁৰ বিৰুদ্ধে ধনৰ লেনদেনৰ এক  গোচৰ মহাৰাষ্ট্ৰৰ নাচিক আৰক্ষী থানাত থকা বুলি এটা চক্ৰই ফোন যোগে জনায়।

তাৰোপৰি সেই ফোনৰ সময়তে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ নাম লৈ তেওঁৰ বেংকত থকা বৃহৎ ধনখিনি দিবলৈ কয় আৰু পুনৰীক্ষণৰ পিছত আকৌ সেই ধনখিনি তিনি দিনৰ ভিতৰত উভতাই দিব বুলি জনায়। 

পিছত সহজ সৰল নিৰ্মল দাসে ভয়তে বৃহৎ ধনখিনি চাপৰৰ UCO  বেংক আৰু চাপৰ SBI শাখাত থকা নিজা একাউণ্ট যোগে চক্ৰটোৱে দিয়া কেবাটাও একাউণ্ট নম্বৰযোগে প্ৰেৰণ কৰে। কিন্তু তিনিদিনৰ পিছত উক্ত বৃহৎ ধনখিনি উভতাই নোপোৱাত নিৰ্মল দাসে তেখেতৰ সৈতে প্ৰৱঞ্চনা হোৱা বুলি জানিবলৈ পাই চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

সেই এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে তদন্ত কৰি ধুবুৰী চহৰৰ এটা বন্ধন বেংক শাখাৰ একাউণ্টৰ দ্বাৰা উক্ত ধনৰাশিৰ লেনদেন হোৱাৰ তথ্য লাভ কৰে। তাৰ পিছতেই ধুবুৰী বন্ধন বেংক শাখাৰ প্ৰবন্ধক দিপ্ত কুমাৰ দাস(৪৬)ক আটক কৰে।

উক্ত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ফকিৰগঞ্জৰ হাফিজুৰ ৰহমান আৰু জালাল উদ্দিন জোদ্দাৰকো চাপৰ আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তিনিজনকে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে চাপৰ আৰক্ষীয়ে।

ইডি চাপৰ