ট্ৰেডিং সপ্তাহ কম হোৱাৰ পিছতো ভাৰতত ৮,৫০০ কোটি টকা বিনিয়োগ

ছুটীৰ বাবে ট্ৰেডিং সপ্তাহ কম হোৱাৰ পাছতো বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় ইকুইটিত প্ৰায় ৮,৫০০ কোটি টকা বিনিয়োগ কৰিছে। নেশ্যনেল ছিকিউৰিটিজ ডিপজিটৰী লিমিটেডৰ (এন এছ ডি এল)ত প্ৰকাশ পাইছে এই তথ্য।

author-image
Asomiya Pratidin
New Update
ঘৰুৱা বজাৰত ইতিবাচক বিদেশী পৰ্টফলিঅ’ বিনিয়োগ

ঘৰুৱা বজাৰত ইতিবাচক বিদেশী পৰ্টফলিঅ’ বিনিয়োগ

ডিজিটেল ডেস্ক: ছুটীৰ বাবে ট্ৰেডিং সপ্তাহ কম হোৱাৰ পাছতো বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় ইকুইটিত প্ৰায় ৮,৫০০ কোটি টকা বিনিয়োগ কৰিছে। নেশ্যনেল ছিকিউৰিটিজ ডিপজিটৰী লিমিটেডৰ (এন এছ ডি এল)ত প্ৰকাশ পাইছে এই তথ্য।

Advertisment

সোমবাৰ আৰু শুকুৰবাৰৰ বন্ধৰ বাবে ঘৰুৱা বজাৰত ইতিবাচক বিদেশী পৰ্টফলিঅ’বিনিয়োগ (এফপিআই)ৰ প্ৰবাহ দেখা গৈছে। অৱশ্যে এই বন্ধৰ বাবে মাত্ৰ তিনিদিনহে (মঙলবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰে) ব্যৱসায় হৈছিল। যাৰবাবে সতেজ ইনফ্ল’ই ইকুইটি ছেগমেণ্টত কিছু মাহৰ বাবে বিক্ৰী কৰি থকা বিদেশী বিনিয়োগকাৰীৰ প্ৰত্যাৱৰ্তনৰ সংকেত দিয়ে। ফলত বজাৰসমূহে সপ্তাহটো ইতিবাচক ৰূপত বন্ধ কৰাত সহায় কৰে। এই প্ৰবাহৰ আঁৰৰ এটা মূল কাৰণ হৈছে আমেৰিকান ডলাৰৰ মূল্য হ্ৰাস।

শেহতীয়াকৈ ডলাৰৰ মূল্য হ্ৰাস পোৱা আৰু টকাৰ মূল্য় বৃদ্ধি হোৱাৰ লগে লগে এফ পি আইৰ বাবে আমেৰিকাৰ পৰা ভাৰতৰ দৰে দেশলৈ বিনিয়োগ স্থানান্তৰ কৰাটো অধিক সহজ হৈ পৰা দেখা গৈছে। হোয়াইটঅক কেপিটেলৰ কাৰ্যবাহী সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া আশীষ পি সোমমাইয়াই সদৰী কৰে যে, "ই আৰ বি আইক সহজ মুদ্ৰা আৰু ঋণৰ চৰ্ত চলাবলৈ স্বাধীনতা প্ৰদান কৰিছে। লগতে চীন আৰু আমেৰিকা দুয়োখনেই যিকোনো ক্ষেত্ৰতে মন্দাৱস্থাৰ দিশে আগবাঢ়ি যোৱাৰ বিশ্ব অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ দৰে ঘৰুৱামুখী বজাৰসমূহে অধিক প্ৰবাহ আকৰ্ষণ কৰিব।"

বিদেশী বিনিয়োগকাৰী ট্ৰেডিং