/asomiyapratidin/media/media_files/2025/01/24/ZO9lDUDqZZMQlkZsaqWa.jpg)
ডিজিটেল ডেস্কঃ মায়ঙত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । মায়ঙৰ সতীভেটীৰ দলঙৰ ওচৰত দুখন মটৰ চাইকেলে খুন্দিয়াই এখন ই-ৰিক্সাক । ফলত মটৰ চাইকেলৰ পৰা চিটিকি পৰি আহত হয় ৪ জনকৈ যুৱক ।
উল্লেখযোগ্য যে মটৰ চাইকেলত থকা চাৰিজন আৰোহীৰ অৱস্থা সংকটজনক । দুৰ্ঘটনাত আহত যুৱক কেইজনৰ ঘৰ মায়ঙৰ পাভকাতিত ।
দুৰ্ঘটনাৰ পিছতে আঘাতপ্ৰাপ্ত সকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে এম্বুলেঞ্চৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল ।