/asomiyapratidin/media/media_files/2025/06/08/xRIxkMUxlXum8EHz0KpQ.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত পানবাৰীৰ আইনউদ্দীনৰ ঘৰত এদল যুৱকে বলপূৰ্বকভাৱে প্ৰৱেশ কৰি ঘৰ দুৱাৰ ,আচবাব, চাৰিচকীয়া বাহন বিস্তৰ ক্ষতি সাধন কৰে। লগতে শিশু- মহিলাসহ চাৰিজনক আক্ৰমণ কৰি গুৰুতৰভাৱে আক্ৰমণ কৰে।
উল্লেখ্যযোগ্য যে শনিবাৰে সৰু ল’ৰাৰ কাজিয়াক কেন্দ্ৰ কৰি দুয়োপক্ষৰ অভিভাৱকে বিষয়টো বহি মিলা মিলি কৰিব বুলি আলোচনা কৰে যদিও কিছুমান ব্যক্তিয়ে এই বিষয়টো উত্তেজিত কৰি আজি দলবদ্ধভাৱে আহি বাসগৃহত প্ৰৱেশ কৰি পৰিৱেশ উত্তপ্ত কৰি মাৰপিট কৰে। এই ঘটনা সংঘটিত কৰি দলটো উক্ত স্থানৰ পৰা পলায়ন কৰে।
গৌৰীপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিতহৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে পৰিস্থিতি শান্ত কৰে ।