অশান্ত কাশ্মীৰঃ নিশা নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৪ সন্ত্ৰাসবাদী নিহত...

শ্ৰমিক হত্যাত জড়িত আছিল এই সন্ত্ৰাসবাদী কেইটা...

author-image
Asomiya Pratidin
New Update
কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৪ সন্ত্ৰাসবাদী

kashmir

ডিজিটেল ডেস্কঃ অশান্ত ভূস্বৰ্গ জম্মু-কাশ্মীৰ। মঙলবাৰে নিশা পুনৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত চাৰিজন সন্ত্ৰাসবাদী নিহত হৈছে। জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত সংঘটিত হৈছে এই ঘটনা।

Advertisment

প্ৰকাশিত খবৰ মতে মঙলবাৰে নিশা শ্বপিয়ান জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত চাৰি সন্ত্ৰাসবাদী নিহত হৈছে। নিহত এই চাৰি সন্ত্ৰাসবাদীৰ ভিতৰত শ্বপিয়ানৰ ড্ৰাচ অঞ্চলত হোৱা সংঘৰ্ষত জৈশ ই মহম্মদৰ তিনি সদস্য আৰু শ্বপিয়ানৰ মুলু অঞ্চলত অনুষ্ঠিত হোৱা সংঘৰ্ষক লস্কৰ ই তৈবাৰ এটা সন্ত্ৰাসবাদী আছে।

ড্ৰাচ অঞ্চলত নিহত হোৱা দুজন সন্ত্ৰাসবাদী হানান বিন য়াকুব আৰু জামছেদ ১০ অক্টোবৰত পুলৱামাৰ পিংলানাত এছ পি অ' জাভেদ দাৰ আৰু ২৪ ছেপ্টেম্বৰত পুলৱামাত পশ্চিম বংগৰ এজন শ্ৰমিকৰ হত্যাত জড়িত আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, ড্ৰাচত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱা গৈছিল। তালাচী অভিযানৰ সময়ত, সন্ত্ৰাসবাদীয়ে দলটোৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীৰ প্ৰত্যুত্তৰত সন্ত্ৰাসবাদী কেইটাৰ মৃত্যু হৈছে।

kashmir Jammu Kashmir