মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰসহ উগ্ৰপন্থীৰ চাৰিটা বাংকাৰ ধ্বংস....

চুৰাচান্দপুৰ,পশ্চিম ইম্ফল আৰু টেংগন'পাল জিলাৰ বিভিন্ন স্থানত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰাৰ লগতে প্ৰিপাক সংগঠনৰ দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। লগতে উগ্ৰপন্থীৰ চাৰিটা বাংকাৰো ধ্বংস কৰিবলৈ সক্ষম হয় নিৰাপত্তা বাহিনীয়ে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,শিলচৰ: অশান্ত জৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে। 

Advertisment

টেংগন'পাল জিলাৰ চাইভম গাঁৱত চলোৱা অভিযানত মেগাজিনসহ ২টা .৩০৩ ৰাইফল,  ১টা 12 Bore Single Barrel Gun, ১টা পম্পি গান,৭টা আই ই ডি, ৫টা হেণ্ড গ্ৰেনেড, ৪০ ডাল ডিটনেটৰ,  ৬০টা সজীৱ গুলীসহ বহুতো বিষ্ফোৰক সামগ্ৰী জব্দ কৰিছে ।

সমান্তৰালভাৱে চুৰাচান্দপুৰ জিলাৰ মুয়াল্লাম গাঁৱৰ পৰা মেগজিন সহ ১টা INSAS Excalibur, ১টা ৯ এম এম পিষ্টল, ৩টা চিংগল বেৰেল গান কেইবাজাই গুলি জব্দ কৰা হৈছে।

অভিযানত পশ্চিম ইম্ফল জিলাৰ চাংগাইপ্ৰৌ লেইকাইৰ পৰা লেইছাংথেম নেপোলিয়ন মেইটেই আৰু থোকচোম আমুজাও সিং নামৰ দুজন প্ৰেপাক সংগঠনৰ সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰে মণিপুৰ আৰক্ষীয়ে। উগ্ৰপন্থী দুজন বিভিন্ন ব্যক্তিৰ পৰা ধন দাবীৰ কামত জড়িত আছিল। তেওলোকৰ পৰা দুটা মোবাইল ফোন, ১২খন ডিমাণ্ড লেটাৰ আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰা হয় ।

ইফালে, সেনা, বিএছএফ, চিআৰপিএফ আৰু আৰক্ষীয়ে পূৱ ইম্ফল জিলাত উগ্ৰপন্থী বিৰোধী যুটীয়া অভিযান চলাই উগ্ৰপন্থীৰ কেইবাটও ঘাটি উৎখাত কৰে নিৰাপত্তা বাহিনীয়ে। উগ্ৰপন্থীৰ দখলত থকা চাৰিটা অবৈধ বাংকাৰ ধ্বংস কৰাৰ লগতে তিনিটা বাংকাৰ নিজৰ দখলত ৰাখিছে নিৰিপত্তা বাহিনীয়ে।

অভিযান মণিপুৰ