সেনাৰ গাড়ীত সন্ত্ৰাসবাদীৰ আক্ৰমণ, শ্বহীদ চাৰি জোৱান...

সেনাৰ গাড়ীত সন্ত্ৰাসবাদীৰ আক্ৰমণ, শ্বহীদ চাৰি জোৱান...

author-image
Asomiya Pratidin
New Update
সেনাৰ গাড়ীত সন্ত্ৰাসবাদীৰ আক্ৰমণ, শ্বহীদ চাৰি জোৱান...

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কঠুৱাত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত ৪গৰাকী জোৱান থিতাতে নিহত হোৱাৰ লগতে ৬গৰাকী জোৱান গুৰুতৰভাৱে আহত হৈছে। প্ৰথমে সেনাৰ গাড়ীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ আৰু পিছত গ্ৰেনেড আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে।

Advertisment

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছে উক্ত অঞ্চলটো ঘেৰি সেনাই চলাইছে অভিযান। বাতৰি লিখাৰ সময়ৰ লৈকে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়গুলি অব্যাহত আছে। সেনাৰ এটা বৃহত দলে অভিযান চলাই আছে উক্ত অঞ্চলটোত।

এই ঘটনাটোৰ সন্দৰ্ভত, সেনাৰ উচ্চতম বিষয়াই জনোৱা অনুসৰি প্ৰথমে গুলী আৰু পিছত গ্ৰেনেড নিক্ষেপ কৰি সন্ত্ৰাসবাদীৰ দলটো কাষৰ ঘন অৰণ্যলৈ পলায়ন কৰে। কঠুৱা চহৰৰ পৰা প্ৰায় ১৫০কিলোমিটাৰ নিলগত বদনোতা জিলাত সংঘটিত হৈছিল এই ঘটনা।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত ৪৮ঘন্টাত এয়া সেনা-সন্ত্ৰাসবাদীৰ মাজত দ্বিতীয়টো সংঘৰ্ষ।  দেওবাৰে ৰাজোৰীত সেনাৰ গুলীত নিহত হৈছিল ৬টাকৈ সন্ত্ৰাসবাদী।

সন্ত্ৰাসবাদী আক্ৰমণ