চাৰি শতাধিক কংগ্ৰেছ কৰ্মীৰ এআইইউডিএফত যোগদান

বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত কালাপানী জিলা পৰিষদৰ এআইইউডিএফৰ সদস্যা পদৰ প্ৰাৰ্থী মেৰিনা খানক চাৰি শতাধিক কংগ্ৰেছ সমৰ্থকে সমৰ্থন জনাই এআইইউডিএফত যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছত বৃহৎ খহনীয়া

কংগ্ৰেছত বৃহৎ খহনীয়া

ডিজিটেল সংবাদ, মানকাচৰ: দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মানকাচৰৰ ৱাৰ্ডে ৱাৰ্ডে ভোটাৰক আকৰ্ষণ কৰিবলৈ প্ৰাৰ্থীসকলৰ বিভিন্ন প্ৰচাৰ অভিযান অব্যাহত আছে। দেওবাৰে নিশা প্ৰায় ১১ বজালৈ কালাপানীৰ বালিয়াবিলত এআইইউডিএফৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়। বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত কালাপানী জিলা পৰিষদৰ এআইইউডিএফৰ সদস্যা পদৰ প্ৰাৰ্থী মেৰিনা খানক চাৰি শতাধিক কংগ্ৰেছ সমৰ্থকে সমৰ্থন জনাই এআইইউডিএফত যোগদান কৰে।

Advertisment

কংগ্ৰেছৰ জিলা পৰিষদৰ সদস্যা পদৰ প্ৰাৰ্থী নুৰ ইয়াচমিন সেখৰগৃহ ওৱাৰ্ডতে এইদৰে চাৰি শতাধিক কংগ্ৰেছ সমৰ্থক এআইইউডিএফত যোগদান কৰিছে। তিনিদিন পূৰ্বেও মানকাচৰৰ সাদুল্ল্যাবাৰী আৰু বৰবিলাতো দুখনকৈ পৃথক নিৰ্বাচনী সভাৰ জৰিয়তে সহস্ৰাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থক বিধায়ক আমিনুল ইছলামৰ নেতৃত্বত মেৰিনা খানক সমৰ্থন জনাই এআইইউডিএফত যোগদান কৰিছিল। জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী তথা বিধায়ক পত্নী মেৰিনা খান দ্বিতীয় বাৰৰ বাবে কালাপানীত সফল হয়নে নাই সেয়া নিৰ্বাচনৰ ফলাফলত স্পষ্ট হ’ব যদিও কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বঞ্চিত নেতা সকলে দল এৰি মেৰিনা খানক সমৰ্থন জনাই অহাত কালাপানীত কংগ্ৰেছ বৃহৎ লোকচানৰ সম্মুখীন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

কংগ্ৰেছ এআইইউডিএফ পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত মানকাচৰ