Advertisment

ৰাঙলু শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আব্দুল ছামাদ চৌধুৰীৰ মৃত্যু

বুধবাৰে নগাঁও জিলাৰ ৰাঙলু শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আব্দুল ছামাদ চৌধুৰী(৭০) ৰ দেহাৱসান ঘটে। বহু দিন ধৰি শয্যাগত হৈ থকা ছামাদ চৌধুৰীয়ে ২০১৪ বৰ্ষত প্ৰতিষ্ঠা কৰিছিল ৰাঙলু শাখা সাহিত্য সভা । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কামপুৰঃ বুধবাৰে নগাঁও জিলাৰ ৰাঙলু শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আব্দুল ছামাদ চৌধুৰী(৭০) ৰ দেহাৱসান ঘটে। বহু দিন ধৰি শয্যাগত হৈ থকা ছামাদ চৌধুৰীয়ে ২০১৪ বৰ্ষত প্ৰতিষ্ঠা কৰিছিল ৰাঙলু শাখা সাহিত্য সভা । 

Advertisment

তেখেতক এই কাৰ্যত সহায় কৰিছিল অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা আৰু জিলা সম্পাদক যতীন্দ্ৰ নাথ সূতৰ নেতৃত্বত নিজকঠীয়াতলী শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ঘনকান্ত বৰাই ।

বুধবাৰে সন্ধিয়া ৰাঙলুৰ শুভাকাংক্ষী আৰু শাখা সাহিত্য সভাৰ সকলো সদস্যকে শোক সাগৰত পেলাই অজান দেশলৈ যায় আব্দুল ছামাদ চৌধুৰী। এখন ঔষধ বিপনীৰ জৰিয়তে জীৱন সংগ্ৰামত ব্ৰতী হৈ থকা ছামাদে সামাজিক জীৱনত চি পি আই (এম) ৰ আঞ্চলিক সদস্য, গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ জিলা সদস্য, ৰাঙলু হাইস্কুলৰ প্ৰতিষ্ঠাপক সদস্যৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জৰিত হৈ ৰাইজক সেৱা আগবঢ়াইছিল। 

তেওঁৰ মৃত্যুত ৰাঙলু স্বৰ্ণ শাখা সাহিত্য, নিজকঠীয়াতলী স্বৰ্ণ শাখা সাহিত্য সভা, নগাঁও জিলা সাহিত্য সভা, ৰাঙলু বজাৰ কমিটি, ৰাঙলু কঠীয়াতলী আঞ্চলিক কৃষক সভা, ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে অঞ্চলটোৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। ছামাদ চৌধুৰীৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগতে নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড০ শৰৎ বৰকটকী, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপ-সভাপতি পদুম ৰাজখোৱাই গভীৰ শোক প্ৰকাশ কৰে। 

বৃহস্পতিবাৰে দুপৰীয়া অসংখ্য গুণমুগ্ধৰ উপস্থিতত জানাজা সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, দুগৰাকী কন্যাৰ লগতে বহু আত্মীয়ক  এৰি থৈ যায় ।                   

কামপুৰ সাহিত্য সভা