/asomiyapratidin/media/media_files/2025/02/09/iSOCAN6yzyiIsxHeBGup.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ বৈষ্ণৱ গুৰু শংকৰোত্তৰ কালৰ শেষৰ গৰাকী ধৰ্ম প্ৰচাৰক শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ ধৰ্ম দৰ্শনৰ ভেঁটিত গঢ় লোৱা মায়ামৰা সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হ’ব ঢকুৱাখনাত ।
৩৮ সংখ্যক সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ সাধাৰণ দ্বি-বাৰ্ষিক অধিৱেশন অহা ২১,২২ আৰু ২৩ মাৰ্চত ঢকুৱাখনাৰ বাঁহপৰা গাঁৱৰ নিত্যানন্দ দেৱ ক্ষেত্ৰত অনুষ্ঠিত কৰা হ’ব । অধিৱেশন অনুষ্ঠিত কৰাৰ মানসেৰে বিভিন্ন লোকৰ উপস্থিতিত দেওবাৰে পবিত্ৰ মূল মণ্ডপৰ লাই খুঁটা স্থাপন কৰা হয় ।
দেওবাৰে দুপৰীয়া ধেমাজি আৰু ঢকুৱাখনা জিলা সাংস্কৃতিক সমাজৰ লগতে সমীপৰ অগণন ধৰ্মপ্ৰাণ ভকত বৈষ্ণৱৰ স্বতঃস্ফুট অংশগ্ৰহণৰ মাজত গুৰুবাদ্যৰ মংগল ধ্বনিৰ মাজত লাই খুঁটা স্থাপন কৰা হয় । এই উদ্দেশ্যেৰে শ শ আয়তীৰ উৰুলি, ডবা ,গায়ন বায়নৰ লগতে হৰিনামৰ অমিয়া সুৰে আকাশ বতাহ মুখৰিত কৰে নিত্যানন্দ দেৱ ক্ষেত্ৰ।
দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুতা নন্দ দেৱ গোস্বামী , সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কাৰ্যকৰী সভাপতি বেদকান্ত ফুকন , সভাপতি মহেন্দ্ৰ হাজৰিকা, উপসভাপতি দুৰ্লভ বৰা ,সম্পাদক দীবন হাজৰিকা , অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি শশী কান্ত দাস , যুটীয়া সম্পাদক ডিম্বেশ্বৰ দাস , নন্দেশ্বৰ দাস , জিলা সমাজৰ সভাপতি গণেশ চন্দ্ৰ ফুকন, সম্পাদক কুল নাথ দাসৰ , ৰমেন দাস, নৱজ্যোতি দাস আদিৰ লগতে সকলো বিষয়ববীয়া আজিৰ অনুষ্ঠানত উপস্থিত থাকে ।
বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গনত ভকত বৈষ্ণবৰ শুভ্ৰ জাতীয় সাজেৰে এক পবিত্ৰ ধৰ্ম ক্ষেত্ৰলৈ ৰূপান্তৰ কৰি অনুষ্ঠিত লাই খুঁটা স্থাপনথলীত বিয়লিলৈ এক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয়, জিলা আৰু অভ্যৰ্থনা সমিতিযে এই ৰাজ্যিক অধিৱেশন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলো জাতি জনগোষ্ঠীয় ধৰ্মপ্ৰাণ ৰাইজৰ আন্তৰিক সহায় সহযোগিতা কামনা কৰিছে ।