/asomiyapratidin/media/media_files/2025/02/09/oqhc9kSvmAOgoO0AxbhB.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও চহৰৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান খাগৰিজান মহাবিদ্যালয়ত নিৰ্মাণ হ’ব এক স্থায়ী তোৰণ । সেই উপলক্ষে আজি তোৰণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰূপক শৰ্মাই ।
পুৰোহিতৰ মঙ্গল ধ্বনিৰ মাজত তোৰণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে। এই উপলক্ষে দিয়া চমু ভাষণত বিধায়ক শৰ্মাই কয় যে তোৰণ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে মহাবিদ্যালয়খনে নতুন ৰূপ পাব। তোৰণ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব বুলি বিধায়ক গৰাকীয়ে আশ্বাস প্ৰদান কৰে।
বিধায়ক গৰাকীয়ে লগতে কয় যে নগাঁও চহৰত পাঁচখন আগশাৰীৰ মহাবিদ্যালয় আছে। এই মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত প্ৰতিযোগিতাত অগ্ৰসৰ হ’ব লাগিব। তেতিয়াহে নগাঁৱৰ শৈক্ষিক পৰিবেশ উন্নত হ’ব। শিক্ষাৰ্থী সকলে মোবাইল ফোন ব্যৱহাৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে মোবাইল ফোনৰ সঠিক ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব।
আজিৰ অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমেশ নাথে আদৰণি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত পৰিচালনা সমিতিৰ সভাপতি ড০ দিলীপ শৰ্মা ,প্ৰাক্তন অধ্যক্ষ চিত্ৰা বৰা ,অৰুণ বিকাশ দত্ত ,চেলিমা খণ্ডকাৰ ,অৱসৰপ্ৰাপ্ত অধ্যাপিকা মামনি ভুঞা , জেষ্ঠ সাংবাদিক দ্বয় কনক হাজৰিকা ,দেৱজিৎ হাজৰিকা ,মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা ,কৰ্মচাৰী ,ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।
ইয়াৰ আগতে বিধায়ক গৰাকীক মহাবিদ্যালয় কৰ্তৃপক্ষ ,ছাত্ৰ একতা সভা আৰু এন চি চি গোটৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। মহাবিদ্যালয়ৰ অধ্যাপক ৰাইহানুল আহমেদ আৰু ড০ স্বপনজ্যোতি নাথে আঁত ধৰা অনুষ্ঠানত শিল্পী হৰজিৎ সিঙেও অংশগ্ৰহণ কৰে।