Advertisment

কুকুৰমাৰীত গোৰ্খা ভৱন তথা গোৰ্খা সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন...

প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা গোৰ্খা ভৱন তথা গোৰ্খা সাংস্কৃতিক গবেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন কৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োই ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, চিৰাংঃ বিটিআৰ শান্তি চুক্তিৰ আধাৰত চিৰাং জিলাৰ কাজলগাঁৱৰ কুকুৰমাৰীত বুধবাৰে গোৰ্খা ভৱন তথা গোৰ্খা সাংস্কৃতিক গবেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয় । প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা গোৰ্খা ভৱন তথা গোৰ্খা সাংস্কৃতিক গবেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন কৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োই ।

Advertisment

আধাৰশিলা স্থাপন কৰি প্ৰমোদ বড়োই কয়, ‘’বিটিআৰ শান্তিচুক্তিৰ আধাৰত বড়ো জনগোষ্ঠীৰ লগতে বিটিআৰ এলেকাত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সম উন্নয়নৰ কথা লক্ষ্য ৰাখি নিজ নিজ জাতি-জনগোষ্ঠীৰ একো একোটা গৱেষণা কেন্দ্ৰ আৰু ভৱন নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰা হৈছিল । তাৰে অংশ হিচাপে বিটিচি প্ৰশাসনৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ নামত ভৱন আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপন কৰা কাম আৰম্ভ কৰা হৈছে ।‘’

কুকুৰমাৰীত গোৰ্খা ভৱন তথা গোৰ্খা সাংস্কৃতিক গবেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি প্ৰমোদ বড়োই লগতে উল্লেখ কৰে যে ইতিমধ্যে চিলাৰায় ভৱন আৰু গবেষণা কেন্দ্ৰ, বীৰছা মুণ্ডা ভৱনৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু কম সময়ৰ ভিতৰতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব । লগতে বিবেকানন্দ ভৱন নিৰ্মাণ কৰা পৰিকল্পনা কৰা বুলিও উল্লেখ কৰে তেওঁ ।

আজিৰ এই আধাৰশিলা স্থাপন কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি এখন মুকলি সভাও অনুষ্ঠিত কৰা হয় । বিটিআৰৰ বিভিন্ন জিলাৰ পৰা অহা গোৰ্খা সকলৰ বিভিন্ন জাতীয় দল সংগঠনৰ নেতা সকলে ভাষণত বিটিচিৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োৰ এই উদ্যোগক শলাগ লৈ ধন্যবাদ জ্ঞাপন কৰে।

উক্ত আধাৰশিলা স্থাপন কাৰ্য্যসূচীত চিদলী সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ছাইখং বসুমতাৰী, সজল সিংহ, উইলছন হাছদা, পাৰিষদ মাধৱ ছেত্ৰী সহ আমন্ত্ৰিত বহুতো অতিথি উপস্থিত থাকে ।

প্ৰমোদ বড়ো আধাৰশিলা স্থাপন