/asomiyapratidin/media/media_files/2025/06/24/231-2025-06-24-09-58-06.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : অসম চৰকাৰৰ আৰ আই ডি এফ আঁচনিৰ অধীনত ৭.৫ কোটি টকা ব্যয়সাপেক্ষে চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ কৰিবলগীয়া এটা বিদ্যালয় ভৱনৰ সোমবাৰে আধাৰশিলা স্থাপন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে । সেই উদ্দেশ্যে বিদ্যালয়খনৰ প্ৰাংগনত অনুষ্ঠিত কৰা হয় এক অনুষ্ঠানৰ।
অনুষ্ঠানত পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত ফিটা কাটি ভৱন নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ভূৱন পেগুৱে । নাৰিকল ভাঙি শুভাৰম্ভ কৰে সাংসদ প্ৰদান বৰুৱাই ।
আধাৰশিলা স্থাপনৰ উদ্দেশ্যে অনুষ্ঠিত কৰা সভাত ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, বিদ্যাল়সমূহৰ পৰিদৰ্শক কবিতা ডেকাকে ধৰি বহুতো গন্যমান্য লোকৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।