ভৈৰৱকুণ্ড বাথৌ মন্দিৰৰ তোৰণৰ আধাৰশিলা স্থাপন

ওদালগুৰি জিলাৰ অন্তৰ্গত ভৈৰৱকুণ্ড বাথৌ মন্দিৰৰ মূল তোৰণৰ দেওবাৰে আধাৰশিলা স্থাপন কৰা হয়। স্বৰ্গীয় লোকেন্দ্ৰ মোছাহাৰীৰ সোঁৱৰণত স্থাপন হ'বলগীয়া উক্ত তোৰণৰ আধাৰশিলা স্থাপন কৰে ওদালগুৰিৰ বিশিষ্ট ব্যৱসায়ী মিনন মোছাহাৰীয়ে।

author-image
Asomiya Pratidin
New Update
ভৈৰৱকুণ্ড বাথৌ মন্দিৰৰ তোৰণৰ আধাৰশিলা স্থাপন

ভৈৰৱকুণ্ড বাথৌ মন্দিৰৰ তোৰণৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰি জিলাৰ অন্তৰ্গত ভৈৰৱকুণ্ড বাথৌ মন্দিৰৰ মূল তোৰণৰ দেওবাৰে আধাৰশিলা স্থাপন কৰা হয়। স্বৰ্গীয় লোকেন্দ্ৰ মোছাহাৰীৰ সোঁৱৰণত স্থাপন হ'বলগীয়া উক্ত তোৰণৰ আধাৰশিলা স্থাপন কৰে ওদালগুৰিৰ বিশিষ্ট ব্যৱসায়ী মিনন মোছাহাৰীয়ে।

Advertisment

উল্লেখ্য যে মোছাহাৰীয়ে নিজৰ পিতৃৰ সোঁৱৰণত প্ৰদান কৰা তোৰণখন কেইবা লক্ষাধিক টকা ব্যয় সাপেক্ষে আটকধুনীয়া ৰূপত সজাই তোলাৰ কথা উল্লেখ কৰে। লগতে তেওঁ কয়- "ভৈৰৱকুণ্ড বাথৌ মন্দিৰৰ এয়া এক অতি প্ৰয়োজন আছিল। সমিতিৰ পৰা বিষয়টো সন্দৰ্ভত অৱগত হোৱাত এই মহৎ কাৰ্যৰ সৌভাগ্য হিচাপে লৈ আগবাঢ়িলো। আগন্তুক অতি কম সময়ৰ ভিতৰত ৰাইজৰ বাবে উক্ত আটকধুনীয়া তোৰণখন মুকলি কৰা হব।"

লগতে তেখেতে আগন্তুক দিনবোৰত বাথৌ মন্দিৰটোৰ উত্তোৰণ কামনা কৰে। আজিথ এই অনুষ্ঠানত ওদালগুৰি জিলা বাথৌ মহাসভাৰ সভাপতি গহীন চন্দ্ৰ বড়ো, সাধাৰণ সম্পাদক অকন দৈমাৰী, উপদেষ্টা চিৰি দৈমাৰী, কন্দুৰাম বড়োৰ লগতে ৰামনিৱাস আগৰৱালা, কৃষ্ণ আগৰৱালা, বেদ প্ৰকাশ আগৰৱালা, দিনা আগৰৱালাৰ তথা বহু বিশিষ্ট লোক উপস্থিত থাকে।

ওদালগুৰি