/asomiyapratidin/media/media_files/2025/03/06/fJDSQUINnoL6f8bbBfM1.jpg)
মঙলদৈত আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী সম্পন্ন
ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিৰ পথ যোগাযোগ, শিশু আৰু কিশোৰৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে মুঠ ৩২ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৩০ৰো অধিক প্ৰকল্পৰ একেলগে আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী সম্পন্ন কৰা হয়। ইয়াৰ ভিতৰত মুঠ ১২ কোটি ৫১ লাখ টকা ব্যয় সাপেক্ষে মঙলদৈৰ নৈৰ পুৰণা বেইলী দলঙৰ স্থানত নতুন পকী দলং আৰু নগৰবাহী, ৰঙামাটি, ৰামহৰি আৰু ওন্দোলাঝাৰত মুঠ ১২ কোটি টকা ব্যয়ৰে চাৰিটা গুৰুত্বপূৰ্ণ পথ আছে।
ইয়াৰোপৰি মুঠ ৬ কোটি টকা ব্যয় সাপেক্ষে ২৫ লাখ টকীয়া মুঠ ২৪ টা আদৰ্শ অংগনবাদী কেন্দ্ৰ, ১ কোটি ৭ লাখ টকা ব্যয়ৰে ধূলাৰ কস্তুৰবা গান্ধী আবাসিক বিদ্যালয়ৰ প্ৰকল্পও আছে। উল্লেখযোগ্য যে দৰং জিলা প্ৰশাসনৰ উদ্যোগত এই উপলক্ষে মঙলদৈৰ বিষ্ণু মন্দিৰ প্ৰাংগনত বিয়লি অনুষ্ঠিত ৰাজহুৱা কাৰ্যসূচীত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই; বিধায়ক বসন্ত দাস আৰু আন গণ্য মান্য ব্যক্তিৰ উপস্থিতিত এই প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে।
লগতে নিৰ্মাণ সম্পূৰ্ণ হোৱা পাঁচটা আদৰ্শ অংগনবাদী কেন্দ্ৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়ে। ভাষণত সাংসদ শইকীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত দৰং জিলাত হোৱা দ্ৰুত উন্নয়নৰ এক চমু খতিয়ান দাঙি ধৰে।
অহা ১০ মাৰ্চত ঘোষণা হ'বলগীয়া ৰাজ্য চৰকাৰৰ আগন্তুক বাজেটতো দৰং জিলাৰ ৰাইজৰ বাবে বহু সুন্দৰ সুন্দৰ উপহাৰ আছে বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে। ইয়াৰ পূৰ্বে ভাষণত মঙলদৈ বিধায়ক বসন্ত দাসে দিনটো তেওঁৰ বাবে বিশেষ স্মৰণীয় দিন হৈ ৰব বুলি কয়। তেওঁ লগতে প্ৰকল্পসমূহ সময়ত অনুমোদনৰ বাবে গ্ৰহণ কৰা সক্ৰিয় ভূমিকাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ দিলীপ শইকীয়াৰ শলাগ লয়।
উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে দৰঙৰ অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সকলোক আদৰণি জনায়।