হাওৰাঘাট তিনিআলিত কছাৰী সমাজৰ প্ৰতিষ্ঠা দিৱস পালন

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলিত আঞ্চলিক কছাৰী সমাজৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে মংগলবাৰে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে হাওৰাঘাট তিনিআলি আঞ্চলিক কছাৰী সমাজৰ সভাপতি হৰি নাৰ্জাৰীয়ে

author-image
Asomiya Pratidin
New Update
Foundation Day of Kachari Society celebrated at Howrahghat Tinali

Foundation Day of Kachari Society celebrated at Howrahghat Tinali

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলিত আঞ্চলিক কছাৰী সমাজৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে মংগলবাৰে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে হাওৰাঘাট তিনিআলি আঞ্চলিক কছাৰী সমাজৰ সভাপতি হৰি নাৰ্জাৰীয়ে । 

পতাকা উত্তোলনৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বীৰেন স্বৰ্গীয়াৰীয়ে । কছাৰী সমাজৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সমাজকৰ্মী কমল বসুমতাৰী, প্ৰাক্তন বি এল টি কল্যাণ পৰিষদৰ সাংগঠনিক সম্পাদক মহেশ্বৰ বসুমতাৰী, চৰকাৰী গাওঁবুঢ়া ধ্ৰুৱ ব্ৰহ্ম, বুদ্ধি ৰামচিয়াৰী, সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী, হাওৰাঘাট তিনি আলি আঞ্চলিক আবৌফৰ সম্পাদিকা প্ৰভাৱতী বসুমতাৰী, চিত্ৰা বসুমতাৰী, ৰঞ্জিতা বসুমতাৰী আদিয়ে।

Haoraghat