চচল ৰাজহুৱা নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

চচল ৰাজহুৱা নামঘৰৰ সভাপতি ড° নৱ নাহৰ ডেকা আৰু সম্পাদক নব কুমাৰ মুদৈৰ নেতৃত্বত চচল অঞ্চলৰ আই-মাতৃ আৰু বাপ-বান্ধৱসকলে খোল-তাল, ডবা, বৰকাঁহ হৰিনাম কীৰ্তনেৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, বেবেজীয়াঃ মহানগৰীৰ মহাপুৰুষ মাধৱদেৱ পথ চচলত অৱস্থিত চচল ৰাজহুৱা নামঘৰত নাম-কীৰ্তন, ভাগৱত পৰিভ্ৰমণ আদিৰে দিনযোৰা কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

Advertisment

শনিবাৰে চচল ৰাজহুৱা নামঘৰৰ সভাপতি ড° নৱ নাহৰ ডেকা আৰু সম্পাদক নব কুমাৰ মুদৈৰ নেতৃত্বত চচল অঞ্চলৰ আই-মাতৃ আৰু বাপ-বান্ধৱসকলে খোল-তাল, ডবা, বৰকাঁহ হৰিনাম কীৰ্তনেৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল । চচল অঞ্চলৰ গৃহস্থৰ পদুলিয়ে-পদুলিয়ে পৰিভ্ৰমণ কৰে আৰু গৃহস্থসকলে ধুপ-নৈবদ্যৰে সেৱা আগবঢ়াই ভাগৱতৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷ 

ভাগৱত ভ্ৰমণ যাত্ৰাৰ পিছতে নামঘৰত একত্ৰিত হৈ আই-মাতৃ আৰু বাপ-বান্ধৱসকলৰ সমূহীয়া নাম-প্ৰসংগৰে নামঘৰত এক উখল-মাখল পৰিবেশৰ সৃষ্টি হয় । ভক্তি ৰসত আপ্লুত হৈ অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী ড° মিনেশ্বৰ হাজৰিকা, ওপৰ চচল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক ডাঃ বুধিন শইকীয়া, ওপৰ চচল বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি যথাক্ৰমে পবণ বুঢ়াগোহাঁই, লোহিত হাজৰিকা, নামঘৰৰ বাপ বান্ধৱ ঠগিত নাহৰ ডেকা, হৰেণ মান্তা, প্ৰশান্ত শইকীয়া, গিৰীশ শৰ্মা, নামঘৰীয়া ঈশ মজুমদাৰৰ লগতে, ভকত বৈষ্ণৱ, আই মাতৃ সহিতে দ্বিশতাধিক ব্যক্তি উপস্থিত থাকি প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী আকৰ্ষণীয় কৰি তোলে ৷  সন্ধিয়া নামঘৰৰ চৌহদত বন্তি প্ৰজ্বলনেৰে দিনযোৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷

প্ৰতিষ্ঠা দিৱস