/asomiyapratidin/media/media_files/2025/01/10/Cn8xjtGbMPExmfKoq4bI.jpg)
বঢ়মপুৰ জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন
ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁও জিলাৰ বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ দশম বার্ষিক প্রতিষ্ঠা দিৱসটি শুকুৰবাৰে দিনজোৰা বর্ণাঢ্য কাৰ্যসূচীৰে বঢ়মপুৰ ছহিদ উদ্যানৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা ৯-০০ বজাত বিদ্যালয় প্রাংগণত পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পেৰিছ দত্ত শৰ্মাই।
ইয়াৰ পিচতেই বিদ্যালয় প্রাংগণৰ পৰা বঢ়মপুৰ ছহিদ উদ্যানলৈ উলিওৱা এক বাৰেৰহণীয়া বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাই সকলোকে আকর্ষণ কৰে। সাংস্কৃতিক শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰী, শিক্ষক - শিক্ষয়ত্ৰী, অভিভাৱক - অভিভাৱিকা, প্ৰাক্তন শিক্ষাৰ্থী আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।
শোভাযাত্ৰাৰ পাছত বঢ়মপুৰৰ চাৰিগৰাকী বীৰ ছহিদৰ পূণ্য স্মৃতিত নির্মাণ কৰা প্ৰতিমূৰ্ত্তিত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্র- ছাত্রীসকলে বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি প্রদান কৰে। ইয়াৰ পাছতে বঢ়মপুৰ ছহিদ উদ্যানৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিদ্যালয়ৰ প্ৰধান শিক্ষক শিৱ বৰ্মনে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সত্ৰীয়া নৃত্য, ৰাসলীলা, একক নৃত্য, বৰগীত, বিহু নৃত্য, পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা, আধুনিক নৃত্য, দলীয় নৃত্য আদিকে ধৰি বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰি ছহিদ উদ্যানৰ পৰিৱেশ জীপাল কৰি তোলে । সন্ধিয়ালৈ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ চৌহদত ১০১ গছি বন্তি প্রজ্বলন কৰা হয়।