/asomiyapratidin/media/media_files/2024/11/22/07kkBxNZcA1DhwoRLswW.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত ১৯৫৪ চনতেই প্ৰতিষ্ঠা লাভ কৰা শ্ৰীমন্ত শঙ্কৰদেৱ সেৱাশ্ৰম নামৰ ধৰ্ম্মীয় অনুষ্ঠানটিক নৱৰূপ দি সোণসেৰীয়াকৈ নিৰ্মান কৰি চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে ৷ এই প্ৰতিষ্ঠা দিৱসৰ শুকুৰবাৰে দ্বিতীয় দিনাৰ কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বুবুল বৰাই৷
৯-০০ বজাত স্মৃতি তৰ্পন অনুষ্ঠান সম্পন্ন কৰা হয়। ইয়াৰ পিছতে বিশিষ্ট সমাজকৰ্মী তথা মুক্তিযোদ্ধা গুণধৰ হাজৰিকাৰ সোঁৱৰণত পৰিয়ালবৰ্গৰ বিশেষ তৎপৰতাত বিধায়ক পদ্ম হাজৰিকাই দান সূত্ৰে আগবঢ়োৱা শ্ৰীমন্ত শঙ্কৰদেৱ সেৱাশ্ৰমৰ মূল তোৰণৰ আধাৰশিলা স্থাপন কৰে বাৰেচহৰীয়া ভাওনা কমিটিৰ সভাপতি ভৱ গোস্বামীয়ে ৷
ইয়াৰ পিছতে শ্ৰীমন্ত শঙ্কৰদেৱ সেৱাশ্ৰমৰ পুনৰ্নিৰ্মিত কীৰ্ত্তন গৃহত গুৰু আসন প্ৰতিষ্ঠা কৰি বৰ নামঘৰটিৰ শুভ উদ্বোধন কৰে শংকৰী সাধক তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ অনুষ্ঠানৰ আটাইকেইটা কাৰ্যসূচীতে ভক্তৰ সহায়- সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।