/asomiyapratidin/media/media_files/2025/06/10/92Sx3vBxY6kftl1zlXtQ.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । পুৱা ১০-০০ বজাত পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাবাপে ৷
ইয়াৰ পিছতে ১১-০০ বজাৰ পৰা বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এখনি সভাৰ আয়োজন কৰা হয় ৷ বন্তি প্ৰজ্বলন আৰু বিশ্ববিদ্যালয়ৰ সংগীতেৰে আৰম্ভ হোৱা আনুষ্ঠানিক সভাত আদৰণি ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকাই ৷ ভাষণত তেওঁ বিশ্ববিদ্যালয়খনৰ বিগত বৰ্ষৰ এক চমু খতিয়ান দাঙি ধৰে ৷
অনুষ্ঠানত অংশলৈ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পটভূমিৰ উল্লেখ কৰি, শংকৰদেৱক কিদৰে বিজ্ঞানসন্মত দৃষ্টিৰে জনমানসত প্ৰতিষ্ঠা কৰাব পাৰি সেই সম্পৰ্কে মন্তব্য আগবঢ়ায় ৷ ইয়াৰ পিছতে অনুষ্ঠানত উপস্থিত থাকি ভাষণ আগবঢ়াই অনুষ্ঠানৰ বিশিষ্ট অতিথি ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা (উচ্চ শিক্ষা) অধ্যাপক দেৱব্ৰত দাসে ৷
তেওঁ কয় - অসমৰ জাতীয় জীৱনৰ ভেঁটি গঢ়োতা শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৌদ্ধিক ক্ষেত্ৰৰ বিশেষ অবদান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ৷ এঘাৰ বছৰীয়া এই কম সময়ৰ যাত্ৰাত বিশ্ববিদ্যালয়খনে এক পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হৈছে ৷ শংকৰদেৱৰ অমূল্য সৃষ্টিৰাজিক গৱেষণাধৰ্মীতাৰে আগুৱাই নিবলৈ গৱেষকসকলে প্ৰয়াস কৰক ৷
/asomiyapratidin/media/media_files/2025/06/10/KCAEjbdjzIk24UQ5OF4p.jpg)
ভাৰতীয় উচ্চ শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে ভাষণ আগবঢ়োৱাৰ প্ৰসংগত তেওঁ আৰু কয় যে পাঠ্যক্ৰমসমূহ বৃত্তিমুখী হ’ব লাগে ৷ বৃত্তিমুখী মানে কেৱল চাকৰিয়েই নহয় ৷ বৃত্তিমুখীতাৰ সৈতে জড়িত হৈ থাকিব লগীয়া গুৰুত্বপূৰ্ণ বিষয়টো হ’ল কৌশল ৷ এই বৃত্তিমুখী পাঠ্যক্ৰম আৰু কৌশলৰ সংমিশ্ৰণতহে শিক্ষাৰ্থীয়ে নিজকে আগুৱাই নিবলৈ সক্ষম হ’ব ৷
ইয়াৰ পিছতে, বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ বাৰ্ষিক মুখপত্ৰ “দাপোণ” ৰ অষ্টম সংখ্যাটি উন্মোচন কৰে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে । উল্লেখযোগ্য, বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে যোগদান কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাধ্যাপক অশোক কুমাৰ বৰাই নিজা মন্তব্য আগবঢ়োৱাৰ লগতে নগাঁও জিলাৰ জিলা উন্নয়ন বিষয়া দেৱযানী চৌধুৰীও উপস্থিত থাকি মন্তব্য আগবঢ়ায় ৷
অনুষ্ঠানত অংশলৈ বিশ্ববিদ্যালয়খনৰ সমন্বয়ক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰি আইন প্ৰস্তুত কৰাৰে পৰা দ্বাদশ বৰ্ষত ভৰি দিয়া এই দীৰ্ঘসময়ৰ স্মৃতি ৰোমন্থন কৰি ৰাজ্য চৰকাৰৰ বলিষ্ঠ প্ৰদক্ষেপক কৃতজ্ঞতা জনায় ৷ বিশ্ববিদ্যালয়খনৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° জয়ন্ত মাধৱ তামুলীয়ে পৰিচালনা কৰা অনুষ্ঠানত অনুষ্ঠানটো সফলতাৰে সামৰণি পৰাত সকলোকে ধন্যবাদ জ্ঞাপন কৰে প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি ড° হৰেকৃষ্ণ বৰা আৰু আহ্বায়িকা ড° ৰিমঝিম বৰুৱাই ।
অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ (স্ব:) অধ্যক্ষ ড° পুলিন বৰা, অসমীয়া বিভাগৰ অৱসৰী অধ্যাপক ড° দীপক বৰা, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° সঙ্গীতা বৰা, হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা ড° কৰৱী দেৱী, এ ডি পি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° সোণাৰাম নাথ, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা, শ্ৰীমন্ত শংকৰদেৱ শিক্ষা আৰু আৰ্থ সামাজিক বিকাশ ন্যাসৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা, থ্ৰি: এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেডৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাৰ লগতে নগাঁও চহৰৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি, বিশ্ববিদ্যালয়খনৰ বিষয়া-কৰ্মচাৰী, অধ্যাপক-অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us