শ্ৰীমন্ত শঙ্কৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

শ্ৰদ্ধাঞ্জলি,পতাকা উত্তোলনকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শঙ্কৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

FOUNDATION DAY

ডিজিটেল সংবাদ,নগাঁওঃ উত্তৰ-পূৱ ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰ মিশ্যানৰ উদ্যোগত ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা শ্ৰীমন্ত শঙ্কৰ মিশ্যান অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে সোমবাৰে অনুষ্ঠিত কৰা হয়।

এই উপলক্ষে বিদ্যালয় প্রাঙ্গণত পুৱা চাফাই কাম, গছপুলি ৰোপন, পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰাৰ পাছত বিয়লি ২-০০ বজাত মিশ্যনৰ নগাঁৱস্থিত মুখ্য কাৰ্যালয়ৰ লোকসেৱক হলধৰ ভূঞা সভাগৃহত মুকলি সভাখন অনুষ্ঠিত কৰে।

শ্ৰীমন্ত শঙ্কৰ মিশ্যানৰ সভাপতি প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে মিশ্যনৰ যুটীয়া সম্পাদক প্রদীপ কুমাৰ শ‍ইকীয়াই। শ্ৰীমন্ত শঙ্কৰ মিশ্যানৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্ম্মাই আঁতধৰা সভাৰ আৰম্ভনিতে এটি দেশ প্রেমমূলক গীত পৰিবেশন কৰে মিশ্যনৰ বালভৱনৰ ট্ৰেন মীনাপ্ৰভা বৰাই।

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে বিশিষ্ট ক্রীড়া সংগঠক,অৱসৰপ্ৰাপ্ত শিক্ষক শশীন্দ্ৰ দেৱ মহন্ত আৰু শ্ৰীমন্ত শঙ্কৰ মিশ্যানৰ প্ৰাক্তন উপ-সভানেত্রী মাধন শ‍ইকীয়াই ।

অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰ মিশ্যানৰ সদস্য, বিশিষ্ট সমাজকৰ্ম্মী পল্লৱ বৰুৱা, ইন্দ্ৰমোহন বৰা, মুক্তি বৰা, ফনীধৰ বেজবৰুৱা, দিলীপ কুমাৰ বৰা আৰু হীৰণ্য বল্লভ গোস্বামীয়ে অংশ গ্ৰহণ কৰে। সভাত বিদ্যালয়খনৰ ছাত্ৰী একাদশী মণ্ডলে গীত পৰিবেশন কৰি সকলোকে মোহিত কৰে।

পুৱা পতাকা উত্তোলন কৰে শ্ৰীমন্ত শঙ্কৰ মিশ্যানৰ সভাপতি প্ৰেমেশ্বৰ দাসে। শ্রদ্ধাঞ্জলী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সমাজ সেৱিকা মাধন শ‍ইকীয়াই আৰু বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি লোকসেৱক হলধৰ ভূঞা আৰু সম্পাদক ডাঃ ললিত কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মিশ্যনৰ যুটীয়া সম্পাদক প্রদীপ কুমাৰ শ‍ইকীয়া আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰাই।

জাতীয় সংগীতেৰে সামৰণি পৰা সভাখনৰ অন্তত শলাগৰ শৰাই আগবঢ়াই যুটীয়া সম্পাদক প্রদীপ শ‍ইকীয়াই।

nagaon