হাওৰাঘাটৰ বিজেপি নেতা বিষ্ণু টেৰাঙৰ মৃত্যু...

হাওৰাঘাটৰ বিজেপি নেতা বিষ্ণু টেৰাঙৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটৰ বিজেপি নেতা বিষ্ণু টেৰাঙৰ মৃত্যু...

ডিজিটেল সংবাদ, হাওৰাঘাট: মঙলবাৰে পুৱা হাওৰাঘাট টাউন বিজেপি মণ্ডল যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি বিষ্ণু টেৰাঙৰ(৪৮) মৃত্যু হয়। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত বাকং তিছ' গাঁৱৰ বাসিন্দা বিষ্ণু টেৰাঙৰ হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত অকাল মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Advertisment

জানিব পৰা মতে বহু দিন ধৰি চিকিৎসা চলাই আছিল যদিও গুৱাহাটীত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত পত্নী আৰু এটা পুত্ৰ সন্তান ইহসংহাৰত এৰি থৈ যায় । তেওঁৰ মৃত্যুত সমগ্ৰ হাওৰাঘাটত শোকৰ ছাঁ পৰিছে।

hauraghat police