মাজুলী মহাবিদ্যালয়লৈ প্ৰাক্তন অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকাৰ আৰ্থিক বৰঙণি

মাজুলী মহাবিদ্যালয়ৰ 'গ্ৰন্থদান মহান দান' শীৰ্ষক পুথি সংগ্ৰহ কাৰ্যসূচীত ভাগ লৈ মহাবিদ্যালয়খনৰ অৱসৰী অধ্যক্ষ, বিশ্ববীৰ চিলাৰায় সন্মানপ্ৰাপক শিক্ষাবিদ সৰ্বেশ্বৰ হাজৰিকাই শনিবাৰে নগদ ৩০হাজাৰ টকা দান কৰে

author-image
Asomiya Pratidin
New Update
মাজুলী মহাবিদ্যালয়লৈ প্ৰাক্তন অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকাৰ আৰ্থিক বৰঙণি

ডিজিটেল সংবাদ, মাজুলী : মাজুলী মহাবিদ্যালয়ৰ 'গ্ৰন্থদান মহান দান' শীৰ্ষক পুথি সংগ্ৰহ কাৰ্যসূচীত ভাগ লৈ মহাবিদ্যালয়খনৰ অৱসৰী অধ্যক্ষ, বিশ্ববীৰ চিলাৰায় সন্মানপ্ৰাপক শিক্ষাবিদ সৰ্বেশ্বৰ হাজৰিকাই শনিবাৰে নগদ ৩০হাজাৰ টকা দান কৰে। মহাবিদ্যালয়খনত বিগত ২০১৬ চনৰ পৰা আৰম্ভ কৰা এনে ছাত্ৰহৈতেষী কাৰ্যসূচীত আন্তৰিকতাৰে ভাগ লৈ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়ত ৭ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ অনুষ্ঠিতব্য মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত গ্ৰন্থ ক্ৰয়ৰ বাবে নগদ ত্ৰিশ হাজাৰ টকাৰ চেক অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াৰ হাতত অৰ্পণ কৰে। 

Advertisment

শিক্ষাবিদ সৰ্বেশ্বৰ হাজৰিকাৰ এনে মহানুভৱতাৰ প্ৰতি কৃতজ্ঞতা জনাবলৈ আজি দিনৰ ১২-০০ বজাত অধ্যক্ষৰ কক্ষত আয়োজিত বিশেষ সভাখনিৰ আঁত ধৰে মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাসে। সভাখনত সভাপতিত্ব কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াই সৰ্বেশ্বৰ হাজৰিকাক অংগবস্ত্ৰেৰে সম্বৰ্ধনা জনায়। 

নিজৰ পেঞ্চনৰ ধনৰ পৰা মহাবিদ্যালয়খনিলৈ আগবঢ়োৱা এই দান তেওঁৰ বদান্যতাৰ বাহিৰে আন একো নহয় বুলি মন্তব্য কৰে। লগতে অনাগত সময়তো মহাবিদ্যালয়খনিলৈ তেওঁ সহায়-সহযোগিতা কৰিব বুলি আশা কৰে। 

মাজুলী মহাবিদ্যালয় পৰিয়ালে হাজৰিকাৰ এই মহানুভৱতাৰ কথা কেতিয়াও নাপাহৰে বুলি মন্তব্য কৰি ড০ দেৱজিৎ শইকীয়াই কয়- দানে মানুহৰ হস্তৰ শোভাৱৰ্ধন কৰে। সেই দান যদি গ্ৰন্থদান হয়, তেতিয়া হ’লেতো কথাই সুকীয়া হৈ পৰে। 

সভাত মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, শিক্ষক গোটৰ সম্পাদক তুলসী ৰাজখোৱা, অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড০ দেৱজ্যোতি ভট্টাচাৰ্য, অধ্যাপক ড০ ব্ৰজেন চন্দ্ৰ নেওগ, বিপুল ৰাজখোৱা, ড০ ৰূপজ্যোতি বৰা, প্ৰণীতা ৰাজখোৱা, বসন্ত বৰা, ড০ প্ৰফুল্ল বৰা, প্ৰণৱজ্যোতি বৰা, দেৱজ্যোতি খাটনিয়াৰ, দীনেশ পেগু, ড০ অনুপ কুমাৰ দলে, আচাৰ্য মোহন দাস, প্ৰীতিৰেখা গগৈ, জিলা সাংবাদিক সন্থাৰ সম্পাদক ডিম্বেশ্বৰ দত্ত, কৰ্মচাৰী গোটৰ সভাপতি পদ্মধৰ বৰুৱা, সম্পাদক উৎপল বৰুৱা, দেৱজিৎ বৰুৱা, অতুল বৰা, প্ৰণৱ হাজৰিকা, যাদৱ পায়েং, জয়ন্ত হাজৰিকা প্ৰমুখ্যে লোকসকল উপস্থিত থাকে।

মাজুলী