ডিজিটেল ডেস্কঃ বাৰ্দ্ধক্যজনিত কাৰণত ২৬ ডিচেম্বৰত মৃত্যু হোৱা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্তী ড০ মনমোহন সিঙৰ অস্থি দেওবাৰে বিসৰ্জন দিয়া হয় যমুনা নদীত । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।
২৮ ডিচেম্বৰত তেওঁৰ অন্তিম সংস্কাৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল । কীৰ্তন পাঠৰ লগতে সম্পূৰ্ণ ৰীতি-নীতিৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ অস্থি যমুনাত বিসৰ্জন দিয়ে তেওঁৰ পৰিয়ালৰ লোকে ।
নিগমবোধ ঘাটৰ পৰা ফুল ছিঙি মোনাত সংগ্ৰহ কৰিছিল প্ৰয়াত সিঙৰ কন্যা, জোঁৱাই আৰু পত্নীয়ে । এইক্ষেত্ৰত নিগমবোধ ঘাটত সাধাৰণ লোক আৰু পণ্ডিতসকলেও সহযোগিতা আগবঢ়াইছিল। লক্ষণীয় যে এই অনুষ্ঠানত গান্ধী পৰিয়ালৰ কোনো সদস্যক দেখা পোৱা নগ’ল।