দুৰাৰোগ্য ৰোগত আক্ৰান্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন...

জো বাইডেনৰ কাৰ্যালয়ে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰিছে যে, তেওঁৰ পৰিয়ালে চিকিৎসকৰ সৈতে চিকিৎসাৰ বিকল্পসমূহ পৰ্যালোচনা কৰি আছে। বাইডেনৰ কৰ্কট ৰোগত “গ্লিছন স্ক’ৰ ৯ (গ্ৰেড গ্ৰুপ ৫)” পোৱা গৈছিল। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1 biden 2

ডিজিটেল ডেস্কঃ  প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন। দেওবাৰে এই কথা তেওঁৰ কাৰ্যালয়ে ঘোষণা কৰে। শেহতীয়াকৈ চিকিৎসা পৰীক্ষাৰ পিছত তেওঁৰ এই ৰোগ ধৰা পৰিছে, যি এক চিন্তনীয় বিষয় হৈ পৰিছে। বেমাৰৰ লক্ষণ দেখা দিয়াৰ পিছত চলিত সপ্তাহৰ আৰম্ভণিতে বাইডেনক চিকিৎসকে পৰীক্ষা কৰিছিল।

Advertisment

নিয়মীয়া শাৰীৰিক পৰীক্ষাত তেওঁৰ প্ৰষ্টেটত এটা সৰু নোডুল দেখা গৈছিল, যাৰ বাবে অধিক পৰীক্ষাৰ প্ৰয়োজন হৈছিল। শুকুৰবাৰৰ ভিতৰত চিকিৎসকে প্ৰষ্টেট কেন্সাৰৰ উপস্থিতি নিশ্চিত কৰে, ইতিমধ্যে তেওঁৰ হাড়লৈ কোষ বিয়পি পৰিছে।

জো বাইডেনৰ কাৰ্যালয়ে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰিছে যে, তেওঁৰ পৰিয়ালে চিকিৎসকৰ সৈতে চিকিৎসাৰ বিকল্পসমূহ পৰ্যালোচনা কৰি আছে। বাইডেনৰ কৰ্কট ৰোগত “গ্লিছন স্ক’ৰ ৯ (গ্ৰেড গ্ৰুপ ৫)” পোৱা গৈছিল। 

আমেৰিকান কেন্সাৰ ছ’চাইটিৰ মতে, “অতি অস্বাভাৱিক” দেখা যোৱা প্ৰষ্টেট কেন্সাৰক সৰ্বোচ্চ ৰেটিং দিয়া হয়, গ্ৰেড ৫। গ্লিছন স্ক’ৰ ১০ লৈ বৃদ্ধি পায়, যিয়ে বাইডেনৰ ৰোগৰ ভয়াৱহতাক সূচায়। প্ৰষ্টেট কেন্সাৰ হৈছে পুৰুষৰ আটাইতকৈ সাধাৰণ কেন্সাৰ, আমেৰিকান কেন্সাৰ ছ’চাইটিয়ে ৰিপ’ৰ্ট কৰিছে যে আমেৰিকাত প্ৰতি আঠজন পুৰুষৰ ভিতৰত এজন পুৰুষৰ জীৱনকালত এই ৰোগ ধৰা পৰে। 

ইফালে বাইডেনৰ এই খবৰ সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। এই সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, আমি জিল বাইডেন আৰু পৰিয়াললৈ শুভ বাৰ্তা প্ৰেৰণ কৰিছো লগতে বাইডেনৰ আৰোগ্য কামনা কৰিছো।

জো বাইডেন