ইমৰান খানক গুলীয়াই হত্যাৰ চেষ্টা কৰা দুৰ্বৃত্তক হত্যা !

imran khan
imran khan

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গুলীয়াই হত্যা কৰিবলৈ অপচেষ্টা কৰা দুৰ্বৃত্তক গুলীয়াই হত্যা কৰাৰ খবৰ পোৱা গৈছে। পাকিস্তানৰ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি ইমৰানখানক গুলীয়াই হত্যাৰ অপচেষ্টা কৰাৰ সন্দেহত এজন লোকক গুলীয়াই হত্যা কৰা হৈছে।

উল্লেখ্য যে, আজি পাকিস্তানৰ গুজৰাবাদ সংমণ্ডলৰ ৱাজিৰাবাদ চহৰৰ জাফৰ আলী চকৰ সমীপত ইমৰান খানে এটা ৰেলীত অংশগ্ৰহণৰ সময়ত এই ঘটনা সংঘটিত হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰানখানৰ ভৰিত ৩ টাকৈ গুলী লাগিছে বুলিও জানিব পৰা গৈছে।

পাকিস্তানত পুনৰ নিৰ্বাচনৰ দাবীৰে ইমৰান খানৰ নেতৃত্বত পি টি আইয়ে যোৱা ২৮ অক্টোবৰৰ পৰা ইছলামাবাদলৈ এক ৰেলী আৰম্ভ কৰিছে। মুঠ ৭ দিন ধৰি চলিবলগীয়া এই ৰেলী অৱশ্যে পৰৱৰ্তী সময়ত ১১ অক্টোবৰলৈকে চলিব বুলি পি টি আইৰ তৰফৰ পৰা প্ৰকাশ কৰিছিল।

এই ৰেলীৰ আজি আছিল ষষ্ঠটো দিন। এই ষষ্ঠটো দিনতে সংঘটিত হ'ল এই গুলীচালনাৰ ঘটনা। এখন বাহনৰ ওপৰত উঠি ইমৰান খান আৰু পি টি আইৰ নেতাই অজস্ৰ দলীয় কৰ্মীৰ ৰেলী কৰি আগুৱাই গৈ থকাৰ সময়তে দুৰ্বৃত্তই মুঠ চাৰি জাঁই গুলী চলাই। ইয়াৰে ৩ টাকৈ গুলী ইমৰান খানৰ ভৰিত লাগে।

ইয়াৰ পিছতে ইমৰান খানক তেওঁৰ নিৰাপত্তাৰক্ষীয়ে এখন অত্যাধুনিক নিৰাপত্তাসজ্জিত বাহনেৰে লৈ যায়। ইফালে এই গুলী চালনাত সিন্ধৰ প্ৰাক্তন ৰাজ্যপাল ইমৰাণ ইছমাইল আৰু ফে'জল জাভেদকে ধৰি ১৫ জনৰো অধিক পি টি আইৰ কৰ্মী আহত হোৱাৰ খবৰ পোৱা গৈছে। স্থানীয় আৰক্ষীৰ সৈতে পি টি আইৰ কৰ্মীৰ সংঘৰ্ষৰো খবৰ প্ৰকাশ পাইছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in