/asomiyapratidin/media/media_files/2025/04/20/QSDx1cfrw1SwEzr3YoD0.jpg)
প্ৰাক্তন এন চি চি কেডেট সকলৰ প্ৰীতি সন্মিলন
ডিজিটেল সংবাদ, তেজপুৰ: ৫ আছাম বেটেলিয়ন এন চি চি, দৰং মহাবিদ্যালয় গোটৰ প্ৰাক্তন শিক্ষাৰ্থী সকলৰ উদ্যোগত দেওবাৰে উদযাপন কৰা হয় মহাবিদ্যালয় খনৰ প্ৰাক্তন এন চি চি কেডেট সকলৰ প্ৰীতি সন্মিলন ৷ দৰং মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা এন চি চি ৰ প্ৰাক্তন এ এন অ' অধ্যাপক মেজৰ খৰ্গেশ্বৰ বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দৰং মহাবিদ্যালয়ৰ উপাধ্যক্ষ অধ্যাপক প্ৰণৱজ্যোতি দাস, ৫ আছাম বি এন এন চি চি ৰ কমাডেণ্ড কৰ্ণেল মাধৱ বড়ো, অধ্যাপক তথা এন চি চি ৰ এ এন অ' অধ্যাপক কেপ্তেইন কুলৰাম মিলি উপস্থিত থাকে ৷ ১৯৮৬ চনৰ পৰা ২০২৪ চনলৈ দৰং মহাবিদ্যালয়ৰ পৰা এন চি চি কেডেট হিচাপে প্ৰশিক্ষণ লোৱা ৮৫ জন প্ৰাক্তন কেডেট ৷
এই অনুস্থানত সকলোৱেই নিজৰ কেডেট হিচাপে পাৰ কৰি অহা পুৰণা দিনসমুহৰ সোঁৱৰণ কৰে ৷ অনুষ্ঠানত জীৱন জ্যোতি শৰ্মাক সভাপতি আৰু ৰাজু বৈশ্যক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰি "৫ আছাম বি এন চি চি এলুমনাই এছোচিয়েছনৰ "২৩ জনীয়া এক কমিটী গঠন কৰা হয় ৷ অনাগত দিনত এক দায়বদ্ধ সামাজিক সংগঠন হিচাপে "৫ আছাম বি এন চি চি এলুমনাই এছোচিয়েছন" আগবাঢ়ি যাব বুলি মন্তব্য কৰে সভাপতি জীৱন জ্যোতি শৰ্মাই ৷