ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত...

ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত...

author-image
Asomiya Pratidin
New Update
ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত...

ডিজিটেল সংবাদ,গুৱাহাটীঃ শুকুৰবাৰে গুৱাহাটী ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, লোকসভাত বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ সাথে, বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ উপস্থিত থাকে।

ইয়াৰোপৰি বহু কেইগৰাকী নেতা কৰ্মীৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন IPS বিষয়া ব্ৰজেনজিৎ সিনহা,প্ৰাক্তন বিজেপি বিধায়ক দিলিপ মৰাণ, প্ৰাক্তন APS বিষয়া মনোজ কুমাৰ লহকৰ, প্ৰাক্তন DTO ৰফিকুল ইছলাম, অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ৰুমী বুঢ়াগোহাঁই, AJYCPৰ নেতা জিতু চৌধুৰী, আটাছুৰ লখিমপুৰ জিলা সম্পাদক নীলমণি চাংমাই, অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া ধীৰেন্দ্ৰ নাৰায়ণ দেৱসহ কেইবাগৰাকী সদস্যই ।

Also Read: ঘিলামৰাত যুৱ কংগ্ৰেছৰ ৬৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

congress